20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমখন সতীৰ্থ সন্মিলনৰ আয়োজন

Assamese Newsগুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমখন সতীৰ্থ সন্মিলনৰ আয়োজন

উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ এক অগ্ৰনি প্রতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৯৬৭ চনতেই প্ৰতিষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমখন “সতীৰ্থ সন্মিলন” অহা ১৯ মাৰ্চ, ২০২৩ তাৰিখে এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে।এই সম্পৰ্কে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে বিভাগৰ মুৰব্বী অধ্যাপক তথা সতীৰ্থ সন্মিলনৰ পৃষ্ঠপোষক ড০ চন্দন কুমাৰ গোস্বামী,উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ডo ৰবীন্দ্ৰ শৰ্মা আৰু প্রচাৰ সমিতিৰ আহ্বায়ক ড০ নিলাক্ষী কলিতাই।

কৃষ্ণচূড়াৰ নগৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ন-পুৰণি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে জীপাল কৰি তুলিব বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগ।পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত এই সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে।

গৌৰৱোজ্বল ৫৫ বছৰীয়া এই পুৰণি বিভাগটোৱে যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতক ডিগ্ৰীৰ ডিপ্ল’মা,পি জি পাঠ্যক্ৰম আৰু গৱেষণা (এম.ফিল আৰু পি.এইচ.ডি. সহ)পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰি আহিছে।

আজিৰ সংবাদমেলত বিভাগটোৰ মাননীয় মুৰব্বী ড০ চন্দন কুমাৰ গোস্বামীয়ে বিশ্ববিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল সন্মিলনখনিত প্ৰতিগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰে যাতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমানৰ শিক্ষাৰ্থী সকল আৰু বিভাগৰ সৈতে এটি নিবিড় সম্পৰ্ক অক্ষুণ্ণ ৰাখিব পাৰে।সতীৰ্থ সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি শ্ৰী কিশোৰ উপাধ্যায়ে তেওঁৰ বিবৃতিত কয় যে “১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা এই বিভাগটোৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সংযোগ কৰাৰ লক্ষ্যৰে এই সন্মিলনখনি আয়োজন কৰা হৈছে।এনেধৰণৰ সন্মিলনৰ জৰিয়তে শিক্ষাৰ্থীসকলক আজীৱন বিভাগটোৰ সৈতে জড়িত হৈ থাকিবলৈ উৎসাহিত আৰু অনুপ্ৰাণিত কৰি থাকিব।সন্মিলনখনিৰ লগত সংগতি ৰাখি পতাকা উত্তোলন,শ্বহীদ তৰ্পন,ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতা অনুষ্ঠান,ন-পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ অন্তৰঙ্গ অনুষ্ঠান,সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে।অনুষ্ঠানটিত বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থী যি সকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত উজ্বলি আমাকো গৌৰৱান্বিত কৰিছে সেই সকলোৱেও অংশগ্ৰহন কৰিব। সতীৰ্থ সন্মিলন খনিৰ স্মৃতিধৰি ৰখাৰ প্ৰয়াসেৰে স্মৃতিগ্ৰন্থ এখনি প্ৰকাশৰো যো-জা কৰি থকা হৈছে”।

তেখেতে প্ৰাক্তন শিক্ষাৰ্থীসকলক অনুষ্ঠানত যোগদানৰ বাবে গুগল ফৰ্ম পূৰণ কৰি সদস্যভৰ্তি হ’ব পাৰিব বুলিও উল্লেখ কৰে।এই সন্মিলনত অংশগ্ৰহণৰ বাবে আৰু সদস্য পদৰ বাবে দুটা পদ্ধতি আছে বুলিও শ্ৰী উপাধ্যায়ে জানিবলৈ দিয়ে।তেওঁ কয় যে এবছৰীয়া সদস্যপদৰ বাবে পঞ্জীয়ন ৫০০ টকা আৰু আজীৱন সদস্যপদৰ বাবে পঞ্জীয়নৰ মাছুল ৫০০০ টকা ধাৰ্য কৰা হৈছে।

এই উদ্দেশ্যে পঞ্জাব নেচনেল বেংক,গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ একাউন্ট নং ১৮৩৯২০০১০০০০৬৩৫০ (আই এফ এচ চিঃ PUNB0183920)ত সমূহ প্ৰাক্তন ছাত্র-ছাত্রীক পণ্জীয়ন মাচুল জমা দিবলৈ আহ্বান জনাইছে।পণ্জীয়নৰ অন্তিম তাৰিখ ১০মাৰ্চ, ২০২৩ ।এই সম্পৰ্কে বিষদভাৱে জানিবলৈ ফেচবুক পেজ: Alumni Association- DCJGU অথবা ৯৮৫৪০৭২০৯৬, ৯৪৩৫০১৯১৩১ আৰু ৮৭৬১০৪২৯৮৯ নম্বৰত যোগাযোগ কৰিবলৈওঁ আহ্বান জনায়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!