23.6 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

গুৱাহাটীত হ’ব দুখন আই পি এল খেল!

English Newsগুৱাহাটীত হ’ব দুখন আই পি এল খেল!

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল মেচ (IPL match in Guwahati)। এই সন্দৰ্ভত ইতিমধ্যে আয়োজকে আনুষ্ঠানিক ঘোষণা কৰিছে । অসম ক্ৰিকেট সন্থাই পূৰ্বৰে পৰা গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল । ক’ভিডৰ পূৰ্বে ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাক তেওঁলোকৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে লৈ দুখন মেচ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক’ভিডৰ বাবেই সেয়া হৈ নুঠিল ।

এইবাৰ পুনৰ আই পি এল পূৰ্বৰ দৰেই বাধাহীনভাৱে অনুষ্ঠিত কৰা হ’ব (IPL 2023)। সেয়ে অসম ক্ৰিকেট সন্থাই ৰাজস্থান ৰয়েলছক বৰ্ষাপাৰাক তেওঁলোকৰ দ্বিতীয় হোমগ্ৰাউণ্ড হিচাপে ল’বলৈ আহ্বান জনাইছিল । সেই আহ্বানৰ প্ৰতি ৰাজস্থান ৰয়েলছে সঁহাৰি জনাইছে ।

এই সন্দৰ্ভত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে কয় যে, অসমৰ যিহেতু আই পি এলৰ দল নাই সেয়ে ৰাজস্থান ৰয়েলছক বৰ্ষাপাৰাক তেওঁলোকৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে । তেওঁলোকে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে ।

বি চি চি আইকো অসমত কমেও ২ খন আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে । ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ কৰ্তৃপক্ষই বাৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰি গৈছে । তেওঁ লগতে কয় যে যিহেতু এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা আই পি এল অনুষ্ঠিত হোৱাৰ কথা আছে, গতিকে ব’হাগ বিহুৰ পূৰ্বেই দুয়োখন মেচ অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱা হৈছিল । কিয়নো ব’হাগ বিহুৰ সময়ছোৱাত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয় ।

সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে খেলৰ তালিকতো গুৱাহাটীৰ বৰ্ষাপাৰাৰ নাম ঘোষণা হৈছে । অহা ৫ এপ্ৰিল আৰু ৮ এপ্ৰিলত দুখন খেল অনুষ্ঠিত হ’ব বৰ্ষাপাৰাত (Two IPL match in Barsapara stadium)।

উল্লেখ্য যে অসম ক্ৰিকেট সন্থাই ৰাজস্থান ৰয়েলছৰ সৈতে পূৰ্বেই এক চুক্তি স্বাক্ষৰ কৰিছে । সেই চুক্তিৰ আধাৰতে ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষকৰ অধীনত অসম ক্ৰিকেট একাডেমী চলাই থকা হৈছে । অসমৰ ক্ৰিকেট প্ৰশিক্ষকৰ পৰা আৰম্ভ কৰি ক্ৰিকেটাৰলৈকে ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষকৰ অধীনত উন্নত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে (Rajasthan Royals 2nd home cricket ground)। আনহাতে ৰাজস্থান ৰয়েলছৰ সৈতে জড়িত হৈ আছে অসমৰ ৰঞ্জিত বৰঠাকুৰ । তেওঁ দলটোৰ কো-অ’নাৰ ।

ইফালে ৫ এপ্ৰিল আৰু ৮ এপ্ৰিলত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আই পি এলৰ দুখন খেল অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ লগে লগে আনন্দিত হৈছে অসম ক্ৰিকেট সন্থা । জানিব পৰা মতে ৫ এপ্ৰিলত পাঞ্জাৱ কিংচ আৰু ৮ এপ্ৰিলত দিল্লী কেপিটেলচৰ লগত ৰাজস্থান ৰয়েলছৰ দুখন খেল অনুষ্ঠিত হ’ব ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!