বুধবাৰে দিনদুপৰতে দিছপুৰ যান বাহন আৰক্ষীয়ে সাংবাদিকক কৰিলে দূৰ্বব্যৱহাৰ। কিন্তু কিয়? কিহৰ বাবে মহানগৰ যান-বাহন আৰক্ষীৰ এনে দূৰ্বব্যৱহাৰ! গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কৰ্তব্যত বাধাৰ দিয়াৰ অধিকাৰ কত পালে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন গৃহবিভাগটোৱে? এটা ব্যক্তিগত খণ্ডৰ ডিজিটেল সংবাদ মাধ্যমৰ কৰ্মীক কৰিলে এনে অসভ্য ব্যৱহাৰ। সাংবাদিক গৰাকীক ম’বাইলত ভিজুৱেল সংগ্ৰহ কৰিবলৈ বাধা প্ৰদান কৰে। এই ঘটনা সংঘটিত হৈছে দিছপুৰ গোপাল বড়ো বিদ্যালয়ৰ সমীপতে।দিছপুৰ গোপাল বড়ো বিদ্যালয়ৰ সমীপ থকা ফুটপাথত সবজী বিক্ৰী কৰা সবজী সমুহ এটা অটো ভেনত উঠাই থকা অৱস্থাত ভিডিঅ’সংগ্ৰহ কৰিবলৈ যোৱা ইটিভি ভাৰতৰ সাংবাদিকক দূৰ্ব্যৱহাৰ কৰে যান বাহন আৰক্ষীয়ে, লগতে কাঢ়ি লৈ যায় ম’বাইল । এতিয়া সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা যান-বাহন আৰক্ষীকেইজনৰ ওপৰত সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন গৃহবিভাগে কেনেধৰণৰ ব্যৱস্থা কৰে সেয়াহে হ’ব লক্ষণীয়। নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ ।