গোসাইগাঁৱৰ কচুগাঁৱত আছাৰ প্ৰতিবাদ,আদিবাসী সকলৰ জনজাতিকৰণৰ লগতে সকলো সমস্যা সমাধান নহলে বিজেপিক বৰ্জনৰ হুংকাৰ আছা

গোসাইগাঁৱৰ কচুগাঁৱত আছাৰ প্ৰতিবাদ,আদিবাসী সকলৰ জনজাতিকৰণৰ লগতে সকলো সমস্যা সমাধান নহলে বিজেপিক বৰ্জনৰ হুংকাৰ আছা

৮ ফেব্ৰুৱাৰী ২০২৪

অসমত বসবাস কৰা আদিবাসী সকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ লগতে বনাঞ্চলত বসবাস কৰা আদিবাসী সকলোৰ ভূমি পট্টা আদি সকলো সমস্যা সমাধান নহলে এইবেলি বিজেপিৰ বিৰুদ্ধে ভোট বৰ্জনৰ হুংকাৰ দিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ প্ৰদীপ নাগ গোটে ৷ কেন্দ্ৰ তথা ৰাজ্যত বিজেপিৰ চৰকাৰ থকা স্বত্বেও প্ৰতিশ্ৰুতি মতে বিজেপি চৰকাৰে আদিবাসী সকলৰ সমস্যা সমাধান নকৰাৰ অভিযোগ উত্থাপন কৰি আজি গোসাইগাঁও মহকুমাৰ কচুগাঁৱত প্ৰতিবাদ সাৱ্যস্থ কৰে আছাৰ কোকৰাঝাৰ জিলা সমিতিয়ে ৷ আছাৰ কৰ্মকৰ্তা সকলে ন ভোট ফৰ বিজেপি পোষ্টাৰিং কৰি প্ৰতিবাদ সাৱ্যস্থ কৰে ৷ প্ৰতিবাদকাৰী সকলে ন এছ টি ন ভোট,ন লেণ্ড পট্টা ন ভোট,ন কাষ্ট চাৰ্টিফিকেট ন ভোট আদি শ্লোগান দিয়ে ৷ অসমত বসবাস কৰা আদিবাসী সকলক জনজাতি কৰণৰ লগতে আদিবাসী সকলক ভূমি পট্টা প্ৰদান আৰু নিজ নিজ জাতি অনুসৰি জাতিৰ প্ৰমানপত্ৰ প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দীৰ্ঘ দিনৰ পৰা দাবী উত্থাপন কৰা হৈ আছে যদিও চৰকাৰে কোনো গুৰুত্ব দিয়া নাই ৷ কেন্দ্ৰ তথা ৰাজ্যতো বিজেপিৰ চৰকাৰ থকা স্বত্বেও বিজেপিয়ে আদিবাসী সকলক প্ৰতাৰণা কৰি আহিছে ৷ যাৰ বাবেই অলপতে অনুষ্টিত হৈ যোৱা আদিবাসী মহাসভাত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ লোৱা হয় যে যেতিয়ালৈকে আদিবাসী সকলৰ সমস্যা সমাধান নহয় তেতিয়ালৈকে আদিবাসী জনগোষ্ঠীয়ে বিজেপিক ভোট দিয়াৰ পৰা বিৰত থাকিব ৷

GTM Desk