গৰমৰ দিনত ভৰিৰ পৰা দুৰ্গন্ধ ওলায়? দুৰ্গন্ধ এৰাই চলিবলৈ এই তিনিটা উপায় অৱলম্বন কৰিব পাৰে

গৰমৰ দিনত ভৰিৰ পৰা দুৰ্গন্ধ ওলায়? দুৰ্গন্ধ এৰাই চলিবলৈ এই তিনিটা উপায় অৱলম্বন কৰিব পাৰে

গৰমৰ দিনত ভৰি ফাটে, সেয়ে কম-বেছি পৰিমানে সকলোৱে ভৰিৰ যত্ন লয়। গৰমৰ দিনত মুখত ছানস্ক্ৰিম ঘঁহিলেও ভৰিক বিশেষ গুৰুত্ব নিদিয়ে। গৰমৰ দিনত ভৰিৰ তলুৱা প্ৰায়সংখ্যকৰেই ঘামে যাৰ ফলত গোন্ধ ওলায়। গৰমৰ দিনত ভৰিৰ গোন্ধ নোলাবলৈ কি কৰিব লাগে?

নিমখ দিয়া পানীৰে ভৰি ধুব
গৰমৰ দিনত প্ৰায় প্ৰত্যেক লোকৰেই ভৰি ঘামে। এই ঘামৰ পৰা ফাংগাজৰ সংক্ৰমণ লোৱাৰ আশংকা বহুত বেছি। তাৰপৰাই ভৰিৰ দুৰ্গন্ধ ওলোৱা আৰম্ভ হয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে নিমখ পানীৰে ভৰি ধুৱ লাগে। প্ৰতিদিনেই নিমখ পানীত ভৰিকেইখন কমেও ১৫ ৰ পৰা ২০ মিনিট সময় জুবুৰিয়াই থব লাগে। এনেকৈ নিয়মিত কৰিলে ভৰি ঘমা সমস্যাৰ পৰা সমাধান পাব পাৰি।

বেকিং ছ’ডা
প্ৰত্যেকৰে ঘৰত বেকিং ছ’ডা থাকেই। ভৰি অতিৰিক্ত ঘামিলে বা ভৰিৰ পৰা দুৰ্গন্ধ ওলালে দুভৰি ধোৱাৰ পূৰ্বে বেকিং ছ’ডা লগাব পাৰে। সেই ছ’ডাত এছিড থাকে যিয়ে দুভৰি পৰিষ্কাৰ কৰে। প্ৰথমেই ভালকৈ দুভৰি চফা কৰি বেকিং ছ’ডা ভালকৈ ঘঁহি দিব লাগে। তেনেকৈ দৈনিক কৰিলে ভৰি ঘমা কমি যায়।

মছলাজাতীয় খাদ্য এৰাই চলা
ভৰি গোন্ধোৱাৰ সমস্যা থাকিলে মছলাজাতীয় খাদ্য এৰাই চলিব লাগে। ইয়াৰোপৰি দৈনিক চাহ, কফি খোৱাৰ অভ্যাস থাকিলে সেই অভ্যাসো এৰাই চলিব লাগে। মাজে মাজে জোতাসমূহ ৰ’দত দিব লাগে। এযোৰ মোজা দুদিনতকৈ বেছি ব্যৱহাৰ নকৰিব।

GTM Desk

Related