চোৰৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা এজনক, আটক ৬

চোৰৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা এজনক, আটক ৬

লংকাৰ বামুণগাঁৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। শনিবাৰে নিশা চোৰৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰে একাংশই।

নিহত লোকজনৰ নাম হিপজুৰ ৰহমান বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ৬জন লোকক আটক কৰিছে আৰক্ষীয়ে।

আটক হোৱা কেইজন- সঞ্জয় দাস, নিখিল দাস, তুলেন্দ্র দাস, উত্তম চক্রৱৰ্তী, জয়ন্ত চক্রৱৰ্তী, সন্ধু মজুমদাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

GTM Desk