fbpx
October 24, 2021

ছমাহত প্রস্তুত হ’ব মেট্র’ ৰে’ল প্রকল্পৰ ডিপিআৰ

গুৱাহাটী মহানগৰীত স্মার্ট চিটী প্রকল্পৰ অধীনত গ্রহণ কৰা আঁচনিৰ ভিতৰত ইতিমধ্যে চাৰিখন আঁচনিৰ কাম সম্পূর্ণ হৈছিল আৰু বাকী ছখন আঁচনিৰ কাম এতিয়াও সম্পূর্ণ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰে৷ আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বিধায়ক আমিনুল ইছলামৰ প্রশ্ণোত্তৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই সদনৰ মজিয়াত দাঙি ধৰা তথ্য অনুসৰি স্মার্ট চিটী প্রকল্পৰ অধীনত ২.৯৩ কোটি টকা ব্যয়সাপেক্ষে শৰণীয়া পাহাৰত গান্ধী মণ্ডপ উদ্যান নির্মাণ সম্পূর্ণ হৈছে৷ একেদৰে ২.০৯ কোটি টকা ব্যয়সাপেক্ষে মহানগৰীত ২০টা সকলো সময়তে পানী উপলব্ধ প্রকল্প, ২.৯২ কোটি টকা ব্যয়সাপেক্ষে গান্ধী মণ্ডপত সু–উচ্চ ৰাষ্ট্রীয় পতাকা নির্মাণ আৰু ৭৫ লাখ টকা ব্যয়সাপেক্ষে কলাক্ষেত্রত গ্রহণ কৰা সু–উচ্চ বৈদ্যুতিক আলোক স্তম্ভ নির্মাণৰ কাম সম্পূর্ণ হৈছে৷

ইপিনে, ৯.৫৩ কোটি টকা ব্যয়সাপেক্ষে গ্রহণ কৰা ৩০টা জৈৱিক শৌচাগাৰ নির্মাণৰ আঁচনিৰ অধীনত ইতিমধ্যে ২৫টা বায়’ টয়লেট সম্পূর্ণ কৰা হৈছে৷ বাকী পাঁচটাৰ কাম জি এম চিক দায়িত্ব দিয়া হৈছে৷ একেদৰে ১৩.২১ কোটি টকা ব্যয়সাপেক্ষে গ্রহণ কৰা প্রজেক্ট জ্যোতিৰ অন্তর্গত ঘৰে ঘৰে বিজুলীবাতি প্রকল্পৰ প্রথম পর্যায়ৰ কাম চলি আছে৷ ৭০.১২ কোটি টকা ব্যয়সাপেক্ষে মহানগৰীৰ বিভিন্ন পথত নির্মাণ কৰিবলগীয়া এলইডি ষ্ট্রীটলাইটৰ কাম বিত্ত বিভাগলৈ নিবিদা প্রৰিক্ষণৰ বাবে প্রেৰণ কৰা হৈছে৷ আনহাতে ১৭.১৭ কোটি টকা ব্যয়সাপেক্ষে গ্রহণ কৰা কমাণ্ড এণ্ড কণ্ড্র’ল চেণ্টাৰৰ কামৰ পুনৰ নিবিদা আহ্বানৰ ব্যৱস্থা কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে দাখিল কৰা তথ্য অনুসৰি ২১৫ কোটি টকা ব্যয়সাপেক্ষে গ্রহণ কৰা মাষ্টাৰ ছিষ্টেম ইণ্টিগ্রেটৰ আঁচনিৰ কাম পুনৰ পৰীক্ষণৰ বাবে বিত্ত বিভাগলৈ প্রেৰণ কৰা হৈছে আৰু ব্রহ্মপুত্রৰ পাৰত সৌন্দর্যবর্ধৰ কামত প্রাক্কলন প্রস্তুতকৰণ চলি আছে৷ ইপিনে, মেট্র’ ৰে’ল প্রকল্প সন্দর্ভত বিধায়ক ইছলামে কৰা প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি ডিপিআৰ প্রস্তুতৰ কাম সম্পূর্ণ কৰিবলৈ ছমাহৰ প্রয়োজন হ’ব বুলি উল্লেখ কৰে৷

error: Content is protected !!
%d bloggers like this: