fbpx

নৱবর্ষ: নিশা ১০ বজাৰ পাছত নিষিদ্ধ মিউজিক

ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে মহানগৰবাসীয়েও ইংৰাজী নৱবর্ষক আদৰিবলৈ সাজু৷ নৱবর্ষক আদৰাৰ নামত যাতে আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্রশাসন আৰু আৰক্ষী–প্রশাসনে কঠোৰ নির্দেশনা জাৰি কৰিছে৷ মহানগৰীৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই সদৰী কৰা অনুসৰি ৩১ ডিচেম্বৰৰ নিশা ১২ বজাৰ পূর্বে অনুজ্ঞাপত্র থকা বাৰ–ৰেষ্টুৰেণ্টসমূহ্ বন্ধ কৰিব লাগিব৷ তদুপৰি নৱবর্ষক আদৰাৰ নামত কোনো পার্টীত ৫০জনতকৈ অধিক লোক সমৱেত হোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ একেদৰে নিশা ১০ বজাৰ পাছত মহানগৰীত উচ্চস্বৰৰ মিউজিক ব্যৱহাৰ কৰিব নোৱাৰিব৷ ইপিনে, যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ নিশা সুৰাপায়ীচালকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাজপথত তালাচী অভিযান চলাব৷ ৰাজহুৱা স্থানৰ লগতে পথ–উপপথ, মুকলি ঠাইত সুৰা সেৱন কৰি পৰিৱেশ বিনষ্টকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰিব বুলি আৰক্ষী আয়ুক্তই সদৰী কৰে৷

error: Content is protected !!
%d bloggers like this: