fbpx

সমগ্র ৰাজ্যতে হ’ব চিটী গেছ বিতৰণ ব্যৱস্থা

ডিব্রুগড় জিলাৰ দুলীয়াজানত অৱস্থিত অসম গেছ কোম্পানীয়ে চলিত বর্ষত এক যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰি অসম চৰকাৰৰ লাভজনক কোম্পানীটোৰ ব্যৱসায়িক সম্প্রসাৰণৰ উত্তৰণ ঘটাই ইয়াৰ বার্ষিক আয় বর্তমান ৩৬৮.৬৩ কোটি টকাৰ পৰা অহা দুবছৰত ১,২০০ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে সমগ্র ৰাজ্যত চিটী গেছ বিতৰণৰ পৰিকল্পনা গ্রহণ কৰিছে৷ অসম গেছ কোম্পানী লিমিটেডে এতিয়ালৈকে নিজাববীয়াকৈ উজনি অসমৰ তিনিচুকীয়া, ডিব্রুগড, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাতপাইপযোগে গেছ বিতৰণ কৰি আছে৷ সেইদৰে সমগ্র ৰাজ্যতে অসম গেছ কোম্পানীয়ে একচেটিয়াভাৱে গেছ পাইপ লাইনৰসম্প্রসাৰণ ঘটাই এশ শতাংশ থলুৱা বিষয়া–কর্মচাৰীৰে পৰিপূর্ণ উদ্যোগটোক অধিক টনকিয়াল আৰু ত্বৰান্বিত কৰি তোলাৰ উদ্দেশ্যে প্রতিষ্ঠানটোৰ বর্তমানৰ পৰিচালন সঞ্চালক গকুল চন্দ্র স্বগ্য়াৰীৰ নেতৃত্বত কেতবোৰ সুদূৰপ্রসাৰী আৰু অভিলাষী আঁচনি গ্রহণ কৰিছে৷ সেই উদ্দেশ্যে পি এন জি আৰ বিৰ চিটী গেছ বিতৰণৰ ১১সংখ্যক নিবিদাতো চৰকাৰী–বেচৰকাৰী আন আন প্রতিষ্ঠানৰ সৈতে অংশগ্রহণ কৰিবলৈ আগবাঢিছে অসম গেছ কোম্পানী লিমিটেডে৷ ভাৰত চৰকাৰৰ এই চিটী গেছ বিতৰণৰ ১১সংখ্যক নিবিদাত সামৰি লোৱা হৈছে চিৰাং, বাক্সা, বঙাইগাঁও,বজালী, নলবাৰী আৰু বৰপেটাক৷ আনহাতে, অতি শেহতীয়াকৈ অসমৰ আন ১১খন জিলা– দৰং, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, ওদালগুৰি, নর্থ লখিমপুৰ, ধেমাজি, মাজুলী, নগাঁও, মৰিগাঁও, হোজাই আৰু কার্বি আলঙত অসম গেছ কোম্পানীয়ে সম্পূর্ণ এককভাৱে আছাম গেছ গ্রিড প্রজেক্টৰ অধীনত গেছ পাইপ লাইন নেটৱর্ক গঢি তোলাৰ প্রয়াস কৰিছে৷

ইয়াৰ বাবে দুলীয়াজানৰ পৰা দৰঙলৈকে ৫২৬ কিলোমিটাৰ দৈর্ঘ্য আৰু শিলচৰৰ পৰা মৰিগাঁৱলৈকে ২০০ কিলোমিটাৰ দৈর্ঘ্যজুৰি পাইপ লাইন বিস্তাৰৰ কাম পৰিকল্পিত ৰূপত ধৰা হৈছে৷ প্রায় ৩ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই ১১খন জিলাত গেছ পাইপ লাইন শীঘ্রে সম্প্রসাৰণ কৰা হ’ব৷ এই সন্দর্ভত ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিছে অসম গেছ কোম্পানীৰ গেছ মার্কেটিং বিজনেছৰ মুৰব্বী তথা প্রকল্পসমূহৰ প্রজেক্ট মেনেজাৰ মনোজ বৰুৱাই৷ চলিত বছৰটোৰ এই ব্যয়বহুল পৰিকল্পনা ২০২১–২২ বিত্তীয় বর্ষত কার্যকৰী কৰাৰ বাবে ইতিমধ্যে অসম গেছ কোম্পানীয়ে যাৱতীয় কামসমূহ চৰকাৰৰ সৈতে সম্পাদন কৰিছে৷ এইদৰে অসম গেছ কোম্পানীৰ অধীনত আছাম গেছ গ্রিড আঁচনিয়ে ৰাজ্যত গেছ পাইপ লাইনৰ সম্প্রসাৰণ ঘটাই ভাৰত চৰকাৰৰ আন এক প্রতিষ্ঠান ইন্দ্রধনুষ গেছ গ্রিড লিমিটেডৰ সৈতে গেছ সৰবৰহী পাইপ লাইন সংযোজন কৰাৰ পৰিকল্পনা কৰিছে৷ উল্লেখ্য যে ৫৮ বছৰীয়া যাত্রা অতিক্রম কৰা অসম গেছ কোম্পানীয়ে বর্তমানলৈ ৩৫ হাজাৰ ৪১গৰাকী উপভোক্তালৈ পাইপযোগে ঘৰুৱা ৰন্ধন গেছৰ যোগান ধৰিবলৈ সক্ষম হৈছে৷ অসম চৰকাৰৰ উদ্যোগত বিশেষকৈ বাগিচাঞ্চল আৰু চহৰাঞ্চলৰ সকলো শ্রেণীৰ উপভোক্তাৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি ২০২০–২২বর্ষত উপভোক্তাৰ সংখ্যা ২ লাখলৈ বৃদ্ধি কৰাৰ পৰিকল্পনাৰে নতুন অভিলাষী আঁচনি সংযোজন কৰিছে অসম গেছ কোম্পানীয়ে৷ এই অভিলাষী আঁচনিৰ ভিতৰত তিনিচুকীয়া জিলাৰ পাৱৈ চাহ বাগিচাৰ শ্রমিক লাইনৰ ১,৪০০টা পৰিয়াল আৰু শ্রীকৃষ্ণ চাহ বাগিচাৰ ২০০টা পৰিয়াললৈ পাইপযোগে ৰন্ধন গেছ যোগানৰ পৰিকল্পনাৰে কাম–কাজ বর্তমানে অগ্রগতিত আছে৷ অনতিপলমে অসম গেছ কোম্পানীৰ এই আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

তদুপৰি অসম গেছ কোম্পানীয়ে ২০২০–২১ বিত্তীয় বর্ষত নামবৰ–গোলাঘাট–নু (এন–জি–এন) গেছ পাইপ লাইন প্রজেক্টৰ অধীনত প্রায় ২১০ কোটিব্যয় সাপেক্ষে গোলাঘাট আৰু যোৰহাট জিলাৰ ৬০খন চাহ বাগিচা, এন আৰ এল আৰু ঘৰুৱা উপভোক্তাক সামৰি গেছ বিতৰণৰ পৰিকল্পনাৰে প্রায় ১০০ কিলোমিটাৰ দৈর্ঘ্যৰ পাইপ লাইনৰ কামৰ অগ্রগতিৰ লাভ কৰিছে৷ সেইদৰে ২০২১–২২ বিত্তীয় বর্ষত বি চি পি এল প্রজেক্টৰ অধীনত অসম গেছ কোম্পানীয়ে ২৭২ কোটিব্যয় সাপেক্ষে গোলাঘাটৰ পৰা বি চি পি এল লাকুৱা প্লাণ্টলৈ ১২৫ কিলোমিটাৰ দৈর্ঘ্যৰ পাইপ লাইন স্থাপনৰ পৰিকল্পনাৰে ইতিমধ্যে চুক্তিবদ্ধ হয়৷ প্রসংগক্রমে অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত গেছ পাইপ লাইন নেটৱর্কিং ব্যৱসায় সম্প্রসাৰণৰ উদ্দেশ্যে অসম গেছ কোম্পানীয়ে ৪৮ শতাংশ গৰিষ্ঠ অংশীদাৰিত্বৰে অইল ইণ্ডিয়া লিমিটেড আৰু গেইলৰ সৈতে চুক্তিবদ্ধ কৰি ২৬ ঃ ২৬ শতাংশ অংশীদাৰিত্ব লৈ ‘পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেড’ নামৰ এটা যৌথ কোম্পানী আৰম্ভ কৰে৷ এই যৌথ কোম্পানীৰ উদ্যোগতে ভাৰত চৰকাৰৰ অধীনস্থ নেচনেল গেছ গ্রিড প্রজেক্টৰ সহায়ত ইতিমধ্যে বহু কাম সম্পাদন কৰাৰ লগতে কিছুমান পৰিকল্পিত ৰূপত গ্রহণ কৰা হৈছে৷ আনহাতে, পেড্র’লিয়াম এণ্ড নেচাৰেলগেছ ৰেগুলেটৰী ব’ডৰ চিটী গেছ বিতৰণৰ ১০সংখ্যক নিবিদা লাভ কৰি অসম গেছ কোম্পানী, অইল ইণ্ডিয়া লিমিটেড আৰু গেইলৰ সন্মিলিত ব্যক্তিগত কোম্পানী ‘পূর্ব ভাৰতী গেছ লিমিটেড’ৰ অধ্যক্ষ তথা অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্র স্বগ্য়াৰীৰ বিশেষ তৎপৰতাতবর্তমান্ কামৰূপ, কামৰূপ মেড্র’, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত গেছ পাইপ লাইনৰ সম্প্রসাৰণ আৰু গেছ বিতৰণৰ কাম অব্যাহত ৰাখিছে৷

error: Content is protected !!
%d bloggers like this: