ডুবাই, কুৱালালামপুৰৰ পৰা কাপোৰ-গহণা আৰু বহুতো সমাগ্ৰী!
পাতি লোৱা ভায়েক বিশাল ফুকনে ৰাণীৰ দৰে ৰাখিছিল চুমি বৰাক। CBI তদন্তত পোহৰলৈ আহিছে চুমি বৰাৰ বাবে কিদৰে লাখ-লাখ টকা খৰচ কৰিছিল বিশাল ফুকনে। কিদৰে চুমিৰ বাবে বহিঃৰাষ্ট্ৰৰ পৰা লাখটকীয়া সামগ্ৰী কিনিছিল বিশালে।
২০২৩ৰ পৰা চুমিৰ একাউণ্টলৈ টকা পঠিয়াইছিল বিশালে ফুকনে। সঘনে চুমিৰ একাউণ্টত সোমাইছিল লাখ-লাখ টকা। চুমিৰ একাউণ্টলৈ এবাৰত সৰ্বাধিক ৯ লাখ টকা দিছিল বিশালে।
চুমিৰ বাবে বহিঃৰাষ্ট্ৰৰ বিলাসী প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰিছিল লাখ টকীয়া সামগ্ৰী। কুৱালালামপুৰৰ পৰা প্ৰায় ১৫ লাখ টকাৰে ক্ৰয় কৰিছিল সামগ্ৰী। কুৱালালামপুৰৰ গুচ্চি কোম্পানীৰ সামগ্ৰীৰ লগতে ক্ৰয় কৰিছিল অন্য বহু সামগ্ৰী।
ডুবাইৰ পৰা ক্ৰয় কৰিছিল প্ৰায় ১০ লাখ টকাৰ সামগ্ৰী। ইটালিয়ানৰ বেণ্ডৰ পৰা ক্ৰয় কৰিছিল ৪৭ হাজাৰ টকীয়া সামগ্ৰী।
চুমিৰ বাবে ২০২৩ৰ ২৬ জুলাইত কুৱালালামপুৰত ক্ৰয় কৰিছিল গুচ্চি বেগ। গুচ্চি বেগটোৰ মূল্য আছিল ২,১০,৩৫১ টকা। উল্লেখ্য যে চুমি বৰাৰ গ্ৰেপ্তাৰ সময়ত চৰ্চালৈ আহিছিল চুমিৰ এটাৰ গুচ্চিৰ বেগৰ কথা।
২০২৩ৰ ২৯ জুলাইতো ক্ৰয় কৰিছিল আন এটা গুচ্চি বেগ। আৰু এই বেগটোৰ মূল্য আছিল ৪৪,১১৭ টকা।
পাতি লোৱা বায়েক চুমিৰ বাবে টিফানিয়ান কোম্পানীৰ ১,৮৮,৯৪০ টকাৰ গহণা ক্ৰয় কৰিছিল বিশাল ফুকনে। কুৱালালামপুৰত আৰু ক্ৰয় কৰিছিল বহু লাখটকীয়া সামগ্ৰী।
ডুবাইতো লাখ লাখ টকীয়া সামগ্ৰী ক্ৰয়ৰ তথ্য। ডুবাইৰ পৰ্দা ফেশ্বনত কিনিছিল ২,৪২,২২২ টকীয়া সাজপাৰ। অৰ্থাৎ পূৰ্বে চৰ্চা হোৱাৰ নিচিনাকৈ চুমিৰ বাবে বোৱতী নদীৰ পানীৰ দৰে ধন বোৱাই দিছিল বিশালে।