দিল্লীত অসমৰ যুৱতী GYM প্ৰশিক্ষকৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত অসমৰ ৰাজক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

দিল্লীত অসমৰ যুৱতী GYM প্ৰশিক্ষকৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত অসমৰ ৰাজক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

ৰাজধানী দিল্লীত পুনৰ চাঞ্চল্যকৰ ঘটনা। দিল্লীত ৰহস্যজনক মৃত্যু এগৰাকী অসমৰ যুৱতীৰ। দিল্লীৰ দ্বাৰাকাস্থিত বাসগৃহত ৰহস্যজনক মৃত্যু অসমৰ শিলচৰৰ যুৱতীৰ। মৃত যুৱতীগৰাকীক অসমৰ শিলচৰ চহৰৰ চিবিলা বাচ্চিয়াৰ নিবাসী স্নেহা নাথ চৌধুৰী বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। দিল্লীত এগৰাকী GYM প্ৰশিক্ষক হিচাপে আছিল স্নেহা নাথ।

ইতিমধ্যে আৰক্ষীয়ে হত্যাৰ অভিযুক্ত ৰাজ কৰ্মকাৰ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। জানিব পৰা অনুসৰি ৰাজ আৰু স্নেহাই পৰস্পৰে পৰস্পৰক চিনি পাইছিল। কিন্তু শনিবাৰে সংঘটিত হয় এই লোমহৰ্ষক ঘটনা। শনিবাৰে সন্ধিয়া অভিযুক্ত ৰাজে উপস্থিত হৈছিল স্নেহাৰ বাসগৃহত, আৰু উপস্থিত হৈয়ে চোকা অস্ত্ৰৰে স্নেহাক উপৰ্যুপৰি আক্ৰমণ কৰে ৰাজে।

 

 

GTM Desk

Related