বিহালী অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে বিশ্বনাথ আপকাৰী বিহালী আৰক্ষীযে বিভিন্ন সময়ত অভিযান চলাই বহু লোকক জেল হাজোতলৈ প্ৰেৰণ কৰিছে তথাপিও একাংশ লোকে এতিয়াও বিহালীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছে।আজি দেওবাৰে বিহালী বটিয়ামাৰীত বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুছিঙ বেৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অবৈধ ভাবে মজুত ৰখা বহু পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে বটিয়ামাৰীৰ এঘৰৰ পৰা চিম্বা বিয়েৰ ৫০০মিলিগ্ৰামৰ১৭বটল,টুবোৰগ বিয়েৰ ৫০০মিলিগ্ৰামৰ ৬বটল,ইমপাৰিয়েল ব্লু ১৮০মিলিগ্ৰামৰ ৬বটল আৰু ষ্টাৰ ১৮০মিলিগ্ৰামৰ ১৫বটল জব্দ কৰি থানালৈ আনে।