26 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ধেমাজিৰ ৰাজপথত হৃদয়বিদাৰক দুৰ্ঘটনা, থিতাতে নিহত কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী

Assamese Newsধেমাজিৰ ৰাজপথত হৃদয়বিদাৰক দুৰ্ঘটনা, থিতাতে নিহত কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী

শুক্ৰবাৰে গৰু বিহুৰ দিনাই ধেমাজিৰ পানীতোলাত এটি হৃদয়বিদাৰক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটিত থিতাতে নিহত হয় এগৰাকী যুৱতী।

জানিব পৰা অনুসৰি, ট্ৰাক আৰু এখন টয়োটা বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱাই যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ নাম চৈয়দা ৰিজৱানা য়াচমিন। তেওঁ কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। ছাত্ৰীগৰাকীৰ ঘৰ যোৰহাটত।

উল্লেখযোগ্য যে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন ২ গৰাকী ব্যক্তি। দুঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS03H 8425 আৰু ট্ৰাকখনৰ নম্বৰ AS25CC 1853। খবৰ অনুসৰি, টয়োটা বাহনখনত মুঠ তিনিজন ব্যক্তি আছিল, তাৰে মাজত থকা এই যুৱতীগৰাকী থিতাতে নিহত হৈছে। খবৰ যুগুত কৰা সময়লৈকে সম্পূৰ্ণ তথ্য লাভ কৰিব পৰা হোৱা নাই। টয়োটা বাহনখনত অহা অন্য দুজন ব্যক্তিক ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় বুলি জানিব পৰা গৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!