28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

সৰ্ব্বভাৰতীয় পৰ্যায়ত গ’ল্ড মেডেল ডিব্ৰুগড়ৰ মেৰী শইকীয়া সোণোৱালৰঃ উচাহৰ ঢৌ গৃহ চহৰত

Assamese Newsসৰ্ব্বভাৰতীয় পৰ্যায়ত গ’ল্ড মেডেল ডিব্ৰুগড়ৰ মেৰী শইকীয়া সোণোৱালৰঃ উচাহৰ ঢৌ গৃহ চহৰত

ৰঙালী বিহুৰ উচাহ-আনন্দৰ মাজতে অসমলৈ আন এক গৌৰৱৰ বতৰা।এইবাৰ শিক্ষা খণ্ডত সৰ্ব্বভাৰতীয় পৰ্যায়ত গ’ল্ড মেডেল(GOLD MEDAL)লাভ কৰিছে অসম কন্যাই।এইবাৰ Forensic Science and Criminology বিষয়ত সোণৰ পদক লাভ কৰিছে ডিব্ৰুগড়ৰ জীয়ৰী মেৰী শইকীয়া সোণোৱালে।লক্ষ্ণৌৰ বাবা চাহেব ভিমৰাওঁ আম্বেদকাৰ Central Universityৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত অসম তথা ডিব্ৰুগড়লৈ Forensic Science and Criminologyত স্নাতকোত্তৰ ডিগ্রীত সুখ্যাতিৰে উত্তীর্ণ হৈ Gold Medal লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ টিভি চেন্টাৰৰ সমীপৰ টেপৰ গাঁৱৰ নিবাসী মেৰী শইকীয়া সোণোৱালে।অলপতে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ দিক্ষান্ত সমাৰোহত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ উপস্থিতিত মেৰী শইকীয়া সোণোৱালক স্নাতকোত্তৰ ডিগ্রী সহ Gold Medal আৰু কৃতিত্বৰ পত্ৰ প্ৰদান কৰা হয়।ভাৰত চৰকাৰৰ Ministry of Youth Affairsৰ নেহেৰু যুৱ কেন্দ্রৰ অনুষ্ঠান পৰ্যবেশক আৰু গাণনিক হিচাপে কৰ্মৰত কমলা শইকীয়া আৰু মাতৃ ৰিতুমনি শইকীয়াৰ কন্যা মেৰী সৰুৰে পৰা শিক্ষাৰ ক্ষেত্রত মেধাৰ পৰিচয় দিয়াৰ লগতে খেলাধুলাতো বিশেষকৈ এথলেটিকছত পাৰ্গত আছিল।ইতিমধ্যে এথলেটিকছতো বহু প্ৰতিযোগীতাত বিভিন্ন শিতানত সৰুৰে পৰা মেডেল লাভ কৰি আহিছে মেৰীয়ে।ভৱিষ্যতে এগৰাকী বৈজ্ঞানিক হোৱাৰ লক্ষ্যৰে মেৰীয়ে পৰৱৰ্তী শিক্ষা আগবঢ়াই নিব বুলি সংবাদ মাধ্যমক অৱগত কৰে।

ইফালে গল্ড মেডেলেৰে গৌৰৱ কঢ়িয়াই অনাত উৎসৱৰ দৰে এক পৰিৱেশ হয় মানকটাৰ টেপৰ গাঁৱৰ ৰাইজৰ মাজত।গল্ড মেডেল
লৈ মানকটাৰ টেপৰ গাঁৱৰ নিজ গৃহীত উপস্থিত হোৱাৰ লগে লগেই আত্মীয়, চুবুৰীয়া গাঁৱৰ বহু ৰাইজে ঢোল, জাপি,গামোচাৰে উস্ম আদৰণি জনাই মেৰীক।মোহনবাৰী বিমান বন্দৰৰ পৰা
বিহু নাম জুৰি নিজ গৃহৰ পদূলিৰ পৰা গৃহৰ ভিতৰলৈ আদৰি লৈ যোৱা হয়।ঢোল,পেপা, উৰুলীৰ মাতেৰে মুখৰিত পৰিৱেশত নিজ গৃহত উপস্থিত হোৱা মেৰীয়ে জেষ্ঠ্য জনৰ আশীর্বাদ গ্ৰহণ কৰে।

ইফালে নিজ কন্যাৰ সাফল্যত
স্বাভাবিকতেই উৎফুল্লিত আৰু আৱেগিক হৈ পৰিল মেৰীৰ পিতৃ,মাতৃ খুড়া-খুডী সহ আত্মীয় স্বজন সকলো।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!