ধৰ্ম-কৰ্মৰ মিলনভূমি বস্ত্ৰনগৰী শুৱালকুছিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় সৌন্দৰ্য প্ৰতিযোগিতা

ধৰ্ম-কৰ্মৰ মিলনভূমি বস্ত্ৰনগৰী শুৱালকুছিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় সৌন্দৰ্য প্ৰতিযোগিতা

ষ্টাৰ ক্ৰিয়েচনৰ উদ্যোগত স্থানীয় শ্ৰীমন্ত শংকৰ নাট ঘৰত আয়োজিত উক্ত প্ৰতিযোগিতাখন ১৪ জুলাইত সফল সামৰণি পৰে ।

৪ টা শাখাত অনুষ্ঠিত ক্ৰমে মিষ্টাৰ, মিছ, মিছেছ আৰু কিডছ শাখাত চূড়ান্ত প্ৰতিযোগিতাৰ প্ৰতিটো শাখাৰ শ্ৰেষ্ঠ ৩ গৰাকীয়ে বিশেষ পুৰস্কাৰ লাভ কৰাৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লোৱাৰ সুবিধা লাভ কৰে।

প্ৰতিযোগিতাৰ অতিথি হিচাপে অভিনেত্ৰী ফেৰী প্ৰিয়া আহমেদ, কৰিশ্মা হাজৰিকা, চলচিত্ৰ পৰিচালক অতনু কাশ্যপ, ফেশ্বন ডিজাইনাৰ গীতু চেতিয়া আদি উপস্থিত থাকে । সৌন্দৰ্য প্ৰতিযোগিতাত ক্ৰমে মিষ্টাৰ শুৱালকুছি খিতাপ বিপ্লৱ দাস, কিডছৰ খিতাপ কামাক্সি দাস, মিচ শুৱালকুছি খিতাপ অৰ্চনা বৰদলৈ আৰু মিচেছ শুৱালকুছি খিতাপ পঞ্চী কলিতাই লাভ কৰে ।

News Desk report GTM

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam