fbpx
September 21, 2021

নগাঁও জিলাৰ ৰূপহীহাটত কংগ্ৰছত মোক্ষম আঘাত ৷

নগাঁও জিলাৰ ৰূপহীহাটত কংগ্ৰছত মোক্ষম আঘাত ৷ সহস্ৰাধিক সমৰ্থক সহ অগপত যোগদান প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ ভিনিহীয়েক নজৰুল ইছলামৰ ৷
প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত কলিয়াবৰ লোকসভাৰ ৰূপহীহাটত কংগ্ৰছ দলত মোক্ষম আঘাত ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ ভেটিত কঁপনি তুলি সহস্ৰাধিক কৰ্মীক লগত লৈ অগপত যোগদান প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ একমাত্ৰ ভিনিহিয়েকৰ। প্ৰাক্তন আমছু নেতা তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা নজৰুল ইছলামৰ অনুষ্ঠানিকভাৱে শুক্ৰবাৰে অগপ ত যোগদান কৰে। জুৰীয়াত অগপৰ এক কৰ্মী সভাত মন্ত্ৰী কেশৱ মহন্তৰ উপস্হিতিত যোগদান কৰে নজৰুল ইছলামে। বিগত বিধানসভা নিৰ্বাচনত ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰিছিল নজৰুল ইছলামে। অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া নজৰুল ইছলামে সহস্ৰাধিক সমৰ্থক সহ অগপত যোগদানে গৌৰব গগৈক সৃষ্টি কৰিব প্ৰত্যাহ্বানৰ । #nagaon
Padum Bhuyan Report- Guwahati Times

error: Content is protected !!
%d bloggers like this: