নলবাৰীৰত পৰিয়ালৰে মহামিলন ঘটিল খয়াচিং তেৰাঙৰ

নলবাৰীঃ নিজৰ ঠিকনা হেৰুৱাই দিকবিদিক হেৰুৱাই পেলোৱা এগৰাকী ৭০ উৰ্ধৰ বৃদ্ধক উদ্ধাৰ কৰি বহুদিন ধৰি আশ্ৰয় ও ভৰণ পোষনৰ দায়িত্ব বহন কৰিছিল নলবাৰীৰ এগৰাকী সাংবাদিকে ৷অবশেষত কালি নিশা নলবাৰীৰ শান্তি নিৱাসত পৰিয়ালৰ সতে মহামিলন ঘটিল বৃদ্ধ গৰাকীৰ৷উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ পৰা প্ৰায় ১৫ কি:মি: নিলগৰ ৭০ উৰ্ধৰ এই বৃদ্ধ গৰাকী হৈছে খয়াচিং তেৰাং৷ পত্নী , তিনি গৰাকী পুত্ৰ – বোৱাৰী আৰু নাতি নাতিনীৰ সতে খয়াচিং তেৰাঙৰ এখন সুখৰ সংসাৰ আছে৷কৃষি কাৰ্যৰে পৰিয়ালটোক পোহপাল দি অহা বৃদ্ধ তেৰাঙে এদিন গৃহৰ পৰা ডিফু চহৰলৈ ওলাই আহিছিল৷তাৰ পিছত বহুদিন ধৰি সন্ধানহীন হৈ আছিল বৃদ্ধ গৰাকী৷পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিও তেওঁৰ কোনো সন্ধান উলিয়াব নোৱাৰি স্থানীয় আৰক্ষী আৰু ৰেল আৰক্ষীকো অবগত কৰিছিল৷উত্তৰ পূৱকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থান , আনকি শিলিগুৰী, জলফাইগুৰীৰ বিভিন্ন স্থানত বিছাৰিও বৃদ্ধ গৰাকীৰ সন্ধান পাবলৈ সক্ষম হোৱা নাছিল পৰিয়ালটোৱেঅবশেষত পৰিয়ালৰ লোকে বৃদ্ধ গৰাকী জীয়াই থকাৰ আশা বাদ দি দিছিল৷লক্ষনীয়ভাবে কোনো এক ঘটনাক্ৰমে বৃদ্ধ গৰাকীয়ে ৰঙিয়া ৰেল ষ্টেচনৰ দাতিত আশ্ৰয় লৈ থকাৰ পৰা আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি আশ্ৰয়ৰ ব্যৱস্থা কৰিছিল সাংবাদিক মজিবুৰ ৰহমানে । প্ৰথম অৱস্থাত বৃদ্ধ গৰাকীয়ে তেওঁৰ সঠিক পৰিচয় দিব নোৱাৰাত সমস্যাত পৰিছিল সাংবাদিক ৰহমান৷পৰবৰ্ত্তী সময়ত বৃদ্ধৰ পৰিচয় লাভ কৰাত সাংবাদিক ৰহমানে যোগাযোগ চলাইছিল কাৰ্বি আংলঙৰ সাংবাদিক ৰাজবিৰ সিঙৰ সতে৷কাৰ্বি আংলঙৰ সাংবাদিক গৰাকীৰ সহযোগত ঠিকনা হেৰুওৱা বৃদ্ধ গৰাকীৰ সম্পুৰ্ণ ঠিকনা পোৱাৰ পিছতে পৰিয়ালটোৰে যোগাযোগ অব্যাহত ৰাখে সাংবাদিকজনে। অবশেষত কালি নিশা ডিফুৰ পৰা আহি নলবাৰীত উপস্থিত হয় বৃদ্ধ গৰাকীৰ পৰিয়াল আত্মীয়৷নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰম ও শান্তি নিৱাস অনাথ আশ্ৰমত উপস্থিত হোৱা বৃদ্ধৰ বৰপুত্ৰ ৰকি তেৰাং সহিতে পৰিয়ালটোৰ লোকসকলক দেখি আবেগিক হৈ পৰে বৃদ্ধ খয়াচিং তেৰাং । ঠিকনা হেৰুওৱা বৃদ্ধ গৰাকীক নলবাৰীৰ শান্তি নিৱাসত তেওঁৰ পৰিয়ালৰ সতে এক মহামিলন কৰাই দিলে সাংবাদিক গৰাকী য়ে । কালি নিশাৰ এই মহামিলন অনুস্থানটোৰ সাক্ষী হৈ ৰল নলবাৰীৰ সচেতন নাগৰিক জ্ঞানেন চক্ৰবৰ্ত্তী , শিক্ষাবিদ অমল ডেকা , সাংবাদিক শংকৰ দাস , ধ্ৰুৱজ্যোতি মালাকৰকে ধৰি শান্তি নিৱাসৰ বৃদ্ধ ককা – আইতা সকলৰ । অবশেষত কালি নিশাৰ ভাগতে পৰিয়াল আৰু আত্মীয় লোকে বৃদ্ধ গৰাকীক লৈ ৰাওনা হয় ডিফু চহৰ অভিমুখে । বৃদ্ধ গৰাকীক বিদায় দিয়াৰ মুহুৰ্তত আশ্ৰম খনৰ আৱাসী সকলৰ মাজত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় । সকলোৱে সেৱা লৈ বিদায় দিয়ে খয়াচিং তেৰাঙক ।

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!