26.5 C
Assam
Tuesday, March 28, 2023

Featured News

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

Kaziranga National Pak: First Rhino poaching case of 2023

On Monday, officials from the Assam forest...

নিৰ্বাচনৰ প্ৰাগমুহূৰ্তত আক্ৰাছুৰ মাজত বিসম্বাদ |

Top Newsনিৰ্বাচনৰ প্ৰাগমুহূৰ্তত আক্ৰাছুৰ মাজত বিসম্বাদ |

১৯ এপ্ৰিলঃ আজি গোসাইগাঁও সদৰ-চহৰৰ সংলগ্ন দুই নম্বৰ দলগাঁও স্থিত আক্ৰাছুৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল যোগে আক্ৰাছুৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ে কয় যে অসমত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্টীৰ জনজাতি কৰনকে ধৰি কামতাপুৰ পুনৰ উদ্ধাৰ দাবীত আক্ৰাছুৱে দীৰ্ঘদিনৰ পৰা আন্দোলন কাৰ্যসুচী ৰুপায়ন কৰি আহিছে যদিওঁ ইউ পি এ চৰকাৰে সমস্যা সমাধনৰ বাবে কোনো পদক্ষেপ লোৱা নাছিল ৷ সাম্প্ৰতিক বিজেপি সমৰ্থিত এন ডি এ চৰকাৰে পোন প্ৰথম বাৰৰ বাবে জনজাতি কৰনৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ লৈছিল যদিওঁ সফল নহল ৷ উক্ত বিষয়ক লৈ আক্ৰাছুৰ সাধাৰন সম্পাদক গকুল বৰ্মন,মুখ্য উপদেষ্টা প্ৰদীপ ৰায় আৰু উপ সভাপতি মুকুল বৰুৱা সহ ১৪ জনীয়া এটি প্ৰতিনিধি দলে যোৱা ১৮ এপ্ৰিলত অসমৰ মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে এটি বৈঠকত মিলিত হয় ৷ বৈঠকত মুখ্য মন্ত্ৰী সোনোৱালে প্ৰতিশ্ৰুতি প্ৰদান কৰে যে কেন্দ্ৰত বিজেপি সমৰ্থিত এন ডি এ ৰ চৰকাৰ গঠন হলে সংসদৰ শীতকালীন অধিৱেশনত কোচ ৰাজবংশী জনজাতি কৰনৰ সমস্যা সমাধান কৰা হব ৷ যিহেতু এন ডি এ চৰকাৰে জনজাতি কৰনৰ সমস্যা সমাধানৰ বাবে কিছু পদক্ষেপ লৈছে তাৰ বাবে মুখ্য মন্ত্ৰীৰ প্ৰতিশ্ৰুতি মতে বৃহত্তৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বাৰ্থত তিতৃয় পৰ্যায়ৰ নিৰ্বাচনত আক্ৰাছুৱে বিজেপি সমৰ্থিত এন ডি এ ক পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷ উক্ত সিদ্ধান্ত আক্ৰাছুৰ কেন্দ্ৰীয় কাৰ্যকৰি সভাত সৰ্বসন্মতি ক্ৰমে লোৱা হয় বুলি সংবাদমেলত প্ৰকাশ কৰে ৷ সংবাদমেলত আক্ৰাছুৰ উপ সভাপতি মুকুল বৰুৱা,দীপেন ৰায়,চিলাৰায় সেনাৰ উপাধক্ষ্য দেৱৰঞ্জন মন্ডল সহ কেৱাজনো নেতা-কৰ্মী উপস্থিত থাকে ৷ উল্লেখযোগ্য যে আক্ৰাছুৰ সভাপতি অৰুন ৰায়ে অলপতে নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়াক সমৰ্থন দিয়া ঘোষনাক অৰুন ৰায়ৰ সম্পুৰ্ণ ব্যক্তিগত ঘোষনা বুলি প্ৰদীপ ৰায় আৰু উপ সভাপতি মুকুল বৰুৱাই সংবাদমেলত প্ৰকাশ কৰে ৷
Rafiqul Islam Report- Guwahati Times

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!