35.5 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

পুনৰ জনতাৰ ওপৰত মাধমাৰ! বৃদ্ধি পালে থলুৱা মাছৰ দাম

Assamese Newsপুনৰ জনতাৰ ওপৰত মাধমাৰ! বৃদ্ধি পালে থলুৱা মাছৰ দাম

বৃদ্ধি পালে মাছৰ দাম। থলুৱা মাছৰ দাম প্ৰতিকিলোত ১০০ ৰ পৰা ২০০ টকালৈ বৃদ্ধি পালে। শিঙি, মাগুৰৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো মাছৰেই এতিয়া আকাশলংঘী দাম।

শিঙি মাছ প্ৰতি কিলো ৬০০ টকা আছিল কিন্তু এতিয়া ইয়াৰ দাম ২০০ টকা বাঢ়ি ৮০০ টকা হলগৈ। মাগুৰৰ প্ৰতি কিলো ১২০০ ৰ পৰা ১৬০০ টকালৈ বৃদ্ধি। ঠিক তেনেদৰে ভকুৱা মাছ প্ৰতিকিলো ৩০০ টকাৰ পৰা ৪০০ টকা, ডাঙৰ ভকুৱা মাছ ৫০০ ৰ পৰা ৬০০ টকা, আৰিৰ প্ৰতি কিলো ৬০০ ৰ পৰা ৮৫০ টকালৈ বৃদ্ধি পালে।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে এক তথ্য প্ৰকাশ পাইছিল যত উদঘাটন হৈছিল চালানী মাছত থকা ফৰ্মেলিনৰ উপস্থিতি। যাৰ পাছতেই তৎপৰ হৈ পৰিছিল ৰাজ্য চৰকাৰ। চালানী মাছত ফৰ্মেলডিহাদৰ উপস্থিতি সন্দৰ্ভত পৰীক্ষা- নিৰীক্ষাৰ বাবে ইতিমধ্যে মীন বিভাগে ৪ টাকৈ প্ৰতিষ্ঠানক দায়িত্ব দিছে।

ইয়াৰ বাবে মাছৰ বজাৰত কিছু অভাৱো পৰিলক্ষিত হৈছে। ইয়াৰে সুযোগ বুজি একাংশ অসাধু ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰিছে মাছৰ। ৰাজ্যৱাসীয়ে মূল্যবৃদ্ধিক লৈ জুৰুলা হৈ থকাৰ সময়তে পুনৰ এক যেন মাধমাৰ পৰিল। এই সন্দৰ্ভত চৰকাৰ বা মীন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!