পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক EDৰ চমন, এইবাৰ গ্ৰেপ্তাৰ হ’ব নেকি অৰবিন্দ কেজৰিৱাল?

পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক EDৰ চমন, এইবাৰ গ্ৰেপ্তাৰ হ’ব নেকি অৰবিন্দ কেজৰিৱাল?

পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিলে EDএ। দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত পঞ্চমবাৰলৈ দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিলে EDএ। ২ ফেব্ৰুৱাৰীত ED কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। ইয়াৰ পূৰ্বে অৰবিন্দ কেজৰিৱালক EDএ ৪বাৰকৈ চমন জাৰি কৰিছিল আৰু আটাইকেইবাৰে তদন্তকাৰী সংস্থাৰ সন্মুখত হাজিৰ হোৱা নাছিল মুখ্যমন্ত্ৰীগৰাকী।

২০২৩ৰ চনৰ ২ নৱেম্বৰত জেৰা বাবে উপস্থিত হ’বলৈ অৰবিন্দ কেজৰিৱালক জাৰি কৰা হৈছিল প্ৰথমখন চমন। পৰ্যায়ক্ৰমে ২১ ডিচেম্বৰত হাজিৰ হ’বলৈ জাৰি কৰা হৈছিল দ্বিতীয়খন চমন। ৩ জানুৱাৰীত জেৰা বাবে হাজিৰ হ’বলৈ তৃতীয়খন চমন জাৰি কৰা হৈছিল। ১৮ জানুৱাৰীত হাজিৰ হ’বলৈ জাৰি কৰা হৈছিল চতুৰ্থখন চমন। আৰু আজি পঞ্চম চমনখন জাৰি কৰা হৈছে। এই চমন অনুসৰি ২ ফেব্ৰুৱাৰীত ED কাৰ্যালয়ত হাজিৰ হ’ব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

উল্লেখ্য যে দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত সম্প্ৰতি কাৰাগাৰত আছে দিল্লী চৰকাৰ মন্ত্ৰী মনীষ চিসোদিয়া আৰু সঞ্জয় সিং। যোৱা ৪ অক্টোবৰত দিল্লী সুৰা কেলেংকাৰীৰ ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল সঞ্জয় সিঙক।

GTM Desk