পৱিত্ৰ তীৰ্থক্ষেত্ৰ অমৰনাথ… কেতিয়াৰ পৰা আৰম্ভ হৈছিল অমৰনাথ যাত্ৰা?

পৱিত্ৰ তীৰ্থক্ষেত্ৰ অমৰনাথ… কেতিয়াৰ পৰা আৰম্ভ হৈছিল অমৰনাথ যাত্ৰা?

কেতিয়াবা ৮ ফুট ওখ হয় এই শিৱলিংগ। কিন্তু বিগত কিছু বছৰ ধৰি সময়ৰ পূৰ্বেই বৰফৰ লিংগ গলি যায় বুলি জানিব পৰা গৈছে। হিন্দুসকলৰ পৱিত্ৰ তীৰ্থক্ষেত্ৰ অমৰনাথ। জম্মু–কাশ্মীৰৰ এই তীৰ্থস্থানত গুহাৰ ভিতৰত অধিষ্ঠান কৰে মহাদেৱে। চাৰিওফালে পাহাৰ। তুষাৰাবৃত শৃংগৰ সমাৱেশ। তাৰ মাজতে সুবিশাল উপত্যকা। কিন্তু বছৰৰ সকলো সময়তে এই তীৰ্থস্থানলৈ যাব নোৱাৰি।

অমৰনাথ গুহা সমুদ্ৰপৃষ্ঠৰ পৰা ৩,৮৮৮ মিটাৰ উচ্চতাত অৱস্থিত। জম্মু আৰু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ পৰা ইয়াৰ দূৰত্ব ১৪১ কিলোমিটাৰ।

জুন–জুলাই মাহত শাওনৰ পূৰ্ণিমাৰ পৰা আৰম্ভ হয় অমৰনাথ যাত্ৰা। শেষ হয় জুলাই–আগষ্টচ মাহত। জাতি–ধৰ্ম নিৰ্বিশেষে লাখ লাখ মানুহে যোগদান কৰে অমৰনাথ যাত্ৰাত।

প্ৰতি বছৰে শাওনৰ পূৰ্ণিমা পৰ্যন্ত চলে অমৰনাথ যাত্ৰা। তাৰ পিছত চন্দ্ৰ যেতিয়া সৰু হৈ গৈ থাকে, তেতিয়াই সৰু হয় বৰফৰ শিৱলিংগ। মূল শিৱলিংগৰ দুয়োকাষে থাকে দুটি সৰু লিংগ। ইয়াৰ এটা পাৰ্বতী আৰু আনটো নন্দী বুলি ধাৰণা কৰে বহু ভক্তই।

জনা যায় যে গুৱাৰ ভিতৰত ৪০ মিটাৰ গুহাৰ ছাদৰ পৰা পানী পৰে। আৰু সেই জলধাৰা জমা হৈ শিৱলিংগৰ আকাৰ ধাৰণ কৰে।

GTM Desk