December 7, 2021

‘বদৰুদ্দিন আজমল বিজেপিৰ ব্ৰেণ্ড এম্বেচাডৰ’- বিস্ফোৰক মন্তব্য জগদীশ ভূঞাৰ

বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হয় নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ৰ যোগদান সমাৰোহ। শংকৰদেৱ বিবাহ ভৱন প্ৰাংগণত দলটোৰ নলবাৰী জিলা সমিতিৰ মুখ্য আহ্বায়ক নগেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সমাৰোহত অংশ গ্ৰহণ কৰে দলটোৰ মুখ্য সমন্বয়ক জগদীশ ভূঞা আৰু অদীপ কুমাৰ ফুকনে। সভাত উপস্থিত থাকে আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰী, শিখৰ শৰ্মাকে ধৰি শীৰ্ষ কেইবাজনো শীৰ্ষ নেতা।

যোগদান কাৰ্যসূচীত ভাষণ প্ৰদান কৰি জগদীশ ভূঞাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে,‘ বিজেপিয়ে সাম্প্ৰদায়িকতাবাদৰ ৰাজনীতি কৰি অসমীয়া জাতিক ভাগ ভাগ কৰি নিঃশেষ কৰিবলৈ চেষ্টা কৰিছে।’ লগতে বিজেপিয়ে মুছলমানৰ বিৰুদ্ধে কথা কৈ হিন্দু ভোট একত্ৰিত কৰি ধৰ্মীয় মেৰুকৰণ কৰা বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে জগদীশ ভূঞাই।

কেৱল ইমানেই নহয়, বদৰুদ্দিন আজমলৰ প্ৰসংগ টানি আনি অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়কগৰাকীয়ে কয় যে, ‘বিজেপিয়ে আজমলৰ ভয় দেখুৱাই ভোট আদায়ৰ চেষ্টা কৰি আছে। বদৰুদ্দিন আজমল হ’ল বিজেপিৰ ব্ৰেণ্ড এম্বেচাডৰ।’

error: Content is protected !!
%d bloggers like this: