বানপানীৰ কৱলত অসমৰ কেইবাখনো জিলাৰ বহু অঞ্চল। বাৰিষাৰ সময়ত মূষলধাৰ বৰষুণৰ বাবে প্ৰতিবছৰে ৰাজ্যখনত বানপানী হোৱা পৰিলক্ষিত হয়। এই বৰ্ষতো বানপানীৰ ফলত বহু গাওঁ, চহৰ অঞ্চল পানীৰে প্লাৱিত হৈছে। বৰ্তমান কোনো কোনো ঠাইত বানপানীৰ প্ৰভাৱ কিছু কমিছে যদিও পৰিৱেশ একেবাৰে সঠিক হোৱা নাই।

বৰ্তমানেও বানপানীৰ বাবে ৰাজ্যৰ ১১ জিলাৰ প্ৰায় ৫০০খন গাওঁ পানীৰ তলত আছে। যদিও দুদিন মানৰ পৰা ৰ’দ দিয়াৰ বাবে ৰাজ্যত ক্ৰমাৎ বান পৰিস্থিতি উন্নত হৈছে। তথাপিও মানুহে বানৰ পৰা ৰক্ষা পোৱা নাই। কিছু লোকৰ ঘৰৰ পৰা পানী ওলাইছে বাবে ঘৰলৈ উভতিছে। আনহাতে বহু লোক এতিয়াও আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী তথ্য অনুসৰি এই বৰ্ষত বানপানীৰ ফলত ৫জন লোকে প্ৰাণ হেৰুৱাইছে।
অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰপেটাতে চাৰিজন লোকৰ মৃত্যু হৈছে। প্ৰাধিকৰণৰ তথ্য অনসুৰি ডিব্ৰুগড়, গোলাঘাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী, বজালী, বাক্সা, বৰপেটা, দৰং আৰু তামুলপুৰ সমষ্টিৰ প্ৰায় ৫০০ খন গাঁও এতিয়াও প্লাৱিত হৈ আছে।

এই তথ্য অনুসৰি, ৰাজ্যৰ এই ১১ জিলাৰ ১,৫৫,৮৯৬ জন লোক বানত আক্ৰান্ত হোৱাৰ লগতে ৩,৮০১ হেক্টৰ কৃষিভূমি জলমগ্ন হৈ আছে। বাঢ়নী পানীৰ কবলত পৰা অঞ্চলসমূহত স্থাপন কৰা ৯৯টা আশ্রয় শিবিৰ আৰু বান সাহায্য বিতৰণ কেন্দ্ৰত ২,৯১৫ জন আৱাসীয়ে আশ্ৰয় লৈছে।

এই কেইদিনত পানী কমিছে যদিও বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ ফলত বানপীড়িতৰ মাজত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।