22.1 C
Assam
Tuesday, March 28, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

বিধানসভাত বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ….

Assamese Newsবিধানসভাত বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ....

বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট। এই বাজেটখন একত্ৰীকৰণ আৰু সম্প্ৰসাৰণ বিষয়ক বাজেট বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে।

চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যখনৰ অৱস্থাৰ উল্লেখযোগ্যভাৱে উন্নতি ঘটিছে বুলি বাজেট ভাষণত উল্লেখ। মুঠ ঘৰুৱা উৎপাদন– ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে ২০২৩–২৪ বৰ্ষত এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে।

ব্যয়ৰ ক্ষেত্ৰত বিগত বৰ্ষত এক লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰা বুলি উল্লেখ কৰি এই বৰ্ষত অৰ্থাৎ ২০২২–২৩ বৰ্ষত অধিক ব্যয় কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে বাজেট ভাষণত।

চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি
বিত্তমন্ত্ৰীয়ে কয়, ২০২১ চনৰ ১০ মে’ৰ পৰা চৰকাৰী খণ্ডত ৪১,৯২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰি চৰকাৰে আৰু ৪০ হাজাৰ চাকৰিত নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। শীঘ্ৰে এই পৰ্যায়ো সমাপ্ত হ’ব।

স্বাস্থ্য খণ্ড
ৰাজ্য চৰকাৰে ২০২৬ চনৰ ভিতৰত অসমক উত্তৰ–পূৰ্বাঞ্চলৰ চিকিৎসা সেৱাৰ কেন্দ্ৰস্থলৰূপে গঢ়ি তোলাৰ লক্ষ্য চৰকাৰৰ। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য শেষ পৰ্যায়ত উপনীত হোৱাৰ লগতে চৰাইদেউ আৰু বিশ্বনাথত দুখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম আৰম্ভ হৈছে। তামুলপুৰ, ধেমাজি, গোলাঘাট, বঙাইগাঁও আৰু মৰিগাঁৱত ৫খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। গুৱাহাটীত স্বাস্থ্য ভৱন নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।

শিক্ষা খণ্ড
বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ২১৪খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে আৰু আন ৭১৬খন বিদ্যালয়কো উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তিনি বছৰীয়া অংগনৱাড়ী শিক্ষাক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দুবছৰীয়া পাঠ্যক্ৰমৰ সৈতে সংমিশ্ৰিত কৰি পাঁচ শ্ৰেণীৰ বুনিয়াদী শিক্ষা হিচাপে নামকৰণ কৰাত অনুমোদন চৰকাৰৰ। ১১৯খন আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে ব্যৱস্থা হাতত লৈছে চৰকাৰে। ইফালে, মঙলদৈত ১০১৬ কোটি টকাৰ প্ৰকল্প ব্যয়েৰে দক্ষতা বিশ্ববিদ্যালয়ৰ কাম চলি আছে বুলিও উল্লেখ কৰে অজন্তা নেওগে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!