ৰাজ্যত সুৰা বিক্ৰীত অভিলেখ !

1 min read

বিধানসভাৰ তথ্যত ৰাজ্যত উৰ্ধগামী আবকাৰী ৰাজহ। ৰাজ্যত সুৰাপাণ কৰা লোকৰ সংখ্যা বাঢ়িছে বুলি ঠাৱৰ কৰিব পৰাকৈ বিধানসভাত এক তথ্য দিছে আবকাৰী বিভাগে ৷ কংগ্ৰেছ বিধায়ক বসন্ত দাসৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰিছে উক্ত বিভাগটোৱে ৷ বিধানসভাত আবকাৰী বিভাগে দাখিল কৰা তথ্য অনুসৰি বৰ্তমান অসমত বিলাতী সুৰাৰ দোকান ( IMFL “OFF” & IMFL “ON”) ৰ সংখ্যা ২৫৭১ খন আৰু দেশীয় সুৰাৰ দোকানৰ সংখ্যা ৭৮১ খন ৷

২০১৬ চনৰ পৰা বৰ্তমানলৈ অসমত ৩৯০ খন বাৰ, ১৪ খন বিলাতী সুৰাৰ বিপনী আৰু ৩৫৩ খন দেশীয় সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে। তাৰ উপৰিও ৪০৮ খন গাঁও অঞ্চলত অৱস্থিত বাৰ (IMFL “ON”) ক বিলাতী সুৰাৰ বিপনী (IMFL “OFF”) লৈ পৰিবৰ্তিত কৰা হৈছে। ২০১৬চনত আবকাৰী আইন সংশোধনৰ ফলত আবকাৰী ৰাজহ সুৰাৰ দোকান আৰু ৱাইন বাৰৰ পৰা পোনপটীয়াকৈ সংগ্ৰহ নহয়। এই সুৰাৰ দোকান সমূহৰ পৰা কেৱল মাত্ৰ অনুজ্ঞাপত্ৰৰ মাচুল (License fee) হে সংগ্ৰহ কৰা হয় বুলি বিধানসভাত সদৰি কৰিছে বিভাগটোৱে। আবকাৰী শুল্ক আৰু মূল্য সংযোজিত কৰ ৰাজ্যত থকা ‘Wholesale Warehouse’ সমূহে সুৰা উৎপাদন কৰা কাৰখানা সমূহৰ পৰা সুৰা ক্ৰয় কৰাৰ সময়ত অগ্রিম আদায় দিয়ে ৷

২০১৬ চনৰ পৰা চলিত বিত্তীয় বৰ্ষলৈ বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ  এনেধৰণৰ: ২০১৬-১৭ত ১৪৩৩.১ কোটি, ২০১৭-১৮ত ১৬৯৯.৩৬ কোটি, ২০১৮-১৯ত  ২২০৪.১৫ কোটি,  ২০১৯-২০ত ২৬০৬.৬৮ কোটি, ২০২০-২১ত ২৯৭৭.৬১ কোটি, ২০২১-২২ত ৩০৪৭.৯৮ কোটি, ২০২২-২৩(ফেব্ৰুৱাৰীলৈ) ৩৫৪৮.৩১ কোটি টকা ৷ মন কৰিবলগীয়া যে, ২০১৬ চনৰ পৰা  প্ৰত্যেক বিত্তীয় বৰ্ষতে অসমত আবকাৰী ৰাজহ বৃদ্ধি পাইছে। একপ্ৰকাৰ এয়াও অভিলেখে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব ৷

You May Also Like

More From Author