41.3 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ, ঔপন্যাসিক প্ৰয়াত প্ৰদীপ শইকীয়াৰ ষষ্ঠ বাৰ্ষিক মৃত্যু দিৱস উদযাপন

Assamese Newsবিশিষ্ট সাহিত্যিক,শিক্ষাবিদ, ঔপন্যাসিক প্ৰয়াত প্ৰদীপ শইকীয়াৰ ষষ্ঠ বাৰ্ষিক মৃত্যু দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,১০এপ্ৰিল:–বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ,ঔপন্যাসিক প্ৰয়াত প্ৰদীপ শইকীয়াৰ সোমবাৰে ষষ্ঠ বাৰ্ষিক মৃত্যু দিৱস নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উদযাপন কৰে । এই উপলক্ষে নগাঁও চহৰৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠে প্ৰয়াত শিক্ষাবিদ গৰাকীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই বিদ্যালয়ৰ প্ৰাত:সভা তেখেতৰ নামত উচৰ্গা কৰে ।
বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থী দীক্ষিতা বৰাই আঁত ধৰা অনুষ্ঠানটিৰ প্ৰাৰম্ভতে বিশিষ্ট শিক্ষাবিদ তথা নৱৰূপ জাতীয় বিদ্যাপীঠৰ প্ৰতিস্থাপক সভাপতি প্ৰয়াত প্ৰদীপ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে ৰেক্টৰ সংগীতা বৰুৱা আৰু প্ৰধান শিক্ষয়িত্ৰী নিভা শইকীয়াই । ইয়াৰ পাছতে ৰিম্পী গায়নে মহৎ লোকৰ বাণী, ৰত্ননাৰায়ণ গোস্বামীৰ বাতৰিৰ শিৰোনামা পাঠ,উদিতা সৰকাৰৰ বিজ্ঞান বাৰ্তা পাঠ আৰু বৃষ্টিপৰ্ণা বৰুৱাৰ ইংৰাজী বক্তৃতা প্ৰদান কৰে। তদুপৰি প্ৰয়াত প্ৰদীপ শইকীয়াৰ জীৱন,আদৰ্শ,সাহিত্য সাধনা আৰু কৰ্মজীৱন সম্পৰ্কে এক সুন্দৰ বক্তব্য দাঙি ধৰে দশম শ্ৰেণীৰ শিক্ষাৰ্থী নিৰাঞ্জনা বৰাই । উল্লেখযোগ্য যে,প্ৰয়াত প্ৰদীপ শইকীয়া অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক,শিক্ষাবিদ,প্ৰসিদ্ধ অনুবাদক,ঔপন্যাসিক । ২০১৬ চনত কৈলাস নাথ শৰ্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সাহিত্য বঁটা প্ৰাপক এই গৰাকী শিক্ষাবিদ । ১৯৩৬ চনৰ ১৪ ছেপ্টেম্বৰত যোৰহাট জিলাৰ টীয়কত জন্মগ্ৰহণ কৰা প্ৰদীপ শইকীয়া যোৰহাট,শিৱসাগৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মজীৱনৰ পাতনি মেলাৰ পাছত ১৯৬৫ চনৰ ২৫ ছেপ্টেম্বৰত নগাঁও জিলাৰ ধিং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে । ১৯৮৬ চনৰ পৰা নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৯৬ চনত অৱসৰ গ্ৰহণ কৰে। ওৰেটো জীৱন অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ সমান্তৰালকৈ সাহিত্য আৰু সামাজিক দিশত নিষ্ঠা আৰু দায়িত্ববোধৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল । ২০১৭ চনৰ ১০ এপ্ৰিলত এই প্ৰখ্যাত স্বনামধন্য সাহিত্যিক গৰাকীৰ দেহাৱসান ঘটে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!