25.4 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

টীয়কত কন্ঠশিল্পী দীপলীনা ডেকা!

Assamese Newsটীয়কত কন্ঠশিল্পী দীপলীনা ডেকা!

টীয়কত কন্ঠশিল্পী দীপলীনা ডেকা উপস্থিত হৈ টীয়কৰ এজাক কন কন বহুৱা বিহুৱতীৰ সৈতে মাৰিলে বিহু।

হয় সন্মিলিত যুৱ সংঘ টীয়কৰ উদ্যোগত টীয়ক হাইস্কুল খেলপথাৰত চলি থকা বিহু কৰ্মশালাৰ দেওবাৰে আয়োজিত সামৰণি অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দীপলীনা ডেকা উপস্থিত হৈ কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলৰ লগত বহাগ বিহুৰ এই প্ৰাক ক্ষণত ককাল ঘুৰাই এপাক নাচি সকলোকে আনন্দিত কৰাৰ লগতে কন্ঠশিল্পীগৰাকীয়ে তেওঁৰ কেইবাটাও জনপ্ৰিয় গীত পৰিবেশন কৰি শ্ৰুতা দৰ্শকক আপ্লুত কৰি তোলে।

ইপিনে এই পৰিবেশে তেওঁক শৈশৱলৈ মনত পেলাইছে বুলিও সদৰি কৰিছে দীপলীনাই।
লগতে এনে কৰ্মশালাই উঠি অহা প্ৰজন্মক কৃষ্টি সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াব বুলি আশা প্ৰকাশ কৰি উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে দীপলীনা ডেকাই।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!