25.4 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ৰাজ্যিক এথলেটিকত সোণৰ পদকেৰে জিলিকা টীয়ক জ্ঞানপীঠ একাডেমীৰ ছাত্র সন্দীপক ৰাজহুৱা সম্বৰ্ধনা l

Assamese Newsৰাজ্যিক এথলেটিকত সোণৰ পদকেৰে জিলিকা টীয়ক জ্ঞানপীঠ একাডেমীৰ ছাত্র সন্দীপক ৰাজহুৱা সম্বৰ্ধনা l

 

টীয়কৰ প্ৰতিবেদক ১০ এপ্রিল/২৩

গুৱাহাটীত অনুষ্ঠিত ৪৪ সংখ্যক ৰাজ্যিক এথলেটিক প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰৰ ১৮ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ হৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে টীয়ক জ্ঞানপীঠ একাডেমীৰ দ্বাদশ শ্রেণীৰ ছাত্র তথা টীয়কৰ চিৰাম মিচিং গাঁৱৰ সন্দীপ টায়ে।উদিয়মান খেলুৱৈ সন্দীপৰ এই সফলতাত এতিয়া সমগ্ৰ টীয়কবাসী গৌৰৱাম্বিত হৈ পৰিছে।সন্দীপ টায়েৰ এই সফলতাত এতিয়া সকলো উৎফুল্লিত হৈ কালি চিৰাম মিচিংগাঁৱত গাঁওবাসীৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক অৰ্গেশ্বৰ টাইৰ সভাপতিত্বত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি ৰিজু কুমাৰ শইকীয়া, জিলা ক্ৰীড়া সন্থাৰ সদস্য মতিলাল টাই,টীয়ক ক্ৰীড়া সন্থাৰ সম্পাদক দেবেন কোঁৱৰ,জ্যেষ্ঠ খেলুৱৈ বলীন বৰা,অৰুণ ৰেগণ,দেৱজিত বৰুৱা,যুৱ ব্যৱসায়ী অমৃত মিলি,শিক্ষক ভৱকান্ত টাহুকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি যুৱ ক্ৰীড়াবিদগৰাকীক ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় আৰু অনাগত দিনত সন্দীপৰ আৰু অধিক সফলতা কামনা কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে টীয়ক জ্ঞানপীঠ একাডেমী, টি এম পি কে,এম এম কে,টি এম এম কে আৰু মিচিং বানে কৌবাং,আবাং কৌবাং,দৃৰবৃ কৌবাংৰ ফালৰ পৰাও সন্দীপক সম্বৰ্ধনা জনোৱা হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!