বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে

বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে
Tired woman sitting and resting after workout. Woman feeling exhausted after training session wiping her sweat from her forehead.

গ্ৰীষ্ম কালছোৱাত সাধাৰণতে মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ হয়৷ কেতিয়াবা জোখতকৈ বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে৷ সেইবাবে শৰীৰৰ পৰা অতিৰিক্ত ঘাম বাহিৰ হ’লে চিকিৎসকৰ কাষ চাপিব লাগে৷ ঘামে শৰীৰ ঠাণ্ডা কৰি ৰখাত যিদৰে সহায় কৰে সেইদৰে কেতিয়াবা স্বাস্থ্যৰ বাবে ই বিপদো মাতি আনিব পাৰে৷

অতিৰিক্ত ঘাম ওলোৱাৰ কাৰণঃ

◾শৰীৰৰ পৰা অতিৰিক্ত ঘাম কেইবাটাও কাৰণত বাহিৰ হ’ব পাৰে৷ কেতিয়াবা হাইপাৰ হাইড্ৰছিছ নামৰ শাৰীৰিক অৱস্থাৰ কাৰণেও ঘাম বেছিকৈ বাহিৰ হয়৷ এনে শাৰীৰিক অৱস্থা মূলতঃ বংশগত কাৰণত হয়৷

◾কেতিয়াবা শৰীৰত হৰমনৰ তাৰতম্য হ’লেও ঘাম বেছিকৈ বাহিৰ হয়৷

◾কেতিয়াবা হৃদপিণ্ডৰ সমস্যা, কেন্সাৰ বা সংক্ৰমণৰ বাবেও ঘাম বেছিকৈ ওলাব পাৰে৷

◾ঘাম বেছিকৈ ওলোৱাৰ আন এক কাৰণ হ’ল শৰীৰৰ ওজন বৃদ্ধি পোৱা৷ ওজন অস্বাভাৱিকভাবে বাঢ়িলেও ঘাম বেছিকৈ ওলাব পাৰে৷

◾অতিৰিক্ত ঘাম বাহিৰ হোৱাটো ডায়েবেটিছ ৰোগৰ লক্ষণ হ’ব পাৰে৷

অতিৰিক্ত ঘাম ওলালে কি কৰিব

◾বেছিকৈ ঘাম ওলালে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লওঁক৷

◾ঘাম বেছিকৈ ওলালে বিভিন্ন কাম-কাজত ব্যাঘাত জন্মে৷

◾বেছিকৈ ঘমাৰ ফলত কাপোৰো সঘনাই সলনি কৰিব লাগে৷ এনেধৰণৰ সমস্যাৰ সৃষ্টি হ’লেই ঘাম বেছিকৈ ওলোৱা বিষয়টোক অৱজ্ঞা কৰিব নালাগে৷ কেতিয়াবা সাধাৰণতে বেছিকৈ ঘাম ওলোৱাৰ পাছতো গুৰুত্ব নিদিয়াৰ ফলত মাৰাত্মক অসুখত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে

◾বেছিকৈ ঘাম বাহিৰ হ’লে পৰ্যাপ্ত পৰিমাণৰ পানী খাওক৷ বেছিকৈ ঘামিলে পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰাটোৱে আটাইতকৈ সহজ উপায়৷ যিহেতু শৰীৰৰ পৰা ঘাম বেছিকৈ ওলালে শৰীৰত প্ৰয়োজন হোৱা পানীৰ অভাৱ হ’বলৈ দিব নালাগে৷

GTM Desk

Related