28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ভগৱান শিৱক এনেদৰে পূজা কৰিলে পূৰণ হয় মনোকামনা

Assamese Newsভগৱান শিৱক এনেদৰে পূজা কৰিলে পূৰণ হয় মনোকামনা

হিন্দু ধৰ্মত ভগৱান শিৱক পূজা কৰাতোঁ বহুত সহজ বুলি ধৰা হয়। ভগৱান শিৱ এনেকুৱা এজন ভগৱান যি বহুত সোনকালে প্ৰসন্ন হয়।( Religious Studies )

মাত্ৰ এলোটা জল অৰ্পণ কৰিয়ে ভগৱান শিৱৰ কৃপা লাভ কৰিব পৰা যায়। ইনেইটো ভগৱান শিৱক প্ৰসন্ন কৰিবলৈ যিকোনো বাৰতে বা দিনতে পূজা কৰিব পৰা যায়। কিন্তু প্ৰদুষ বৰ্ত আৰু সোমবাৰৰ দিনা শিৱ পূজা কৰাতোঁ বহুত ভাল বুলি ধৰা হয়।মান্যতা অনুসৰি এই দিনকেইটাত শিৱ পূজা কৰিলে ভোলানাথৰ অসীম কৃপা লাভ কৰিব পৰা যায়।

প্ৰিয় পাঠকসকল এতিয়া জানো আহঁকচোন শিৱ পূজাৰ লগত জড়িত সৰল আৰু প্ৰভাৱি উপায়ৰ বিষয়ে। যিবোৰ কৰা পাছত জীৱনৰ ডাঙৰ ডাঙৰ কষ্ট নাইকীয়া হয় পৰে।

ভগৱান শিৱৰ পূজাৰ লগত জড়িত সৰল আৰু প্ৰভাৱি উপায়।

– গৰুৰ গাখীৰ অৰ্পণ কৰাৰ ফলত দূৰ হ’ব সকলো দুখ-কষ্ট।

মান্যতা অনুসৰি শিৱ পূজাত গৰুৰ গাখীৰৰ বিশেষ মহত্ব আছে। যদি কোনো ভক্ত ৰোগ আৰু কষ্ট দ্বাৰা পীড়িত হৈ আছে তেতিয়া তাৰ পৰা মুক্তি পাবলৈ ভগৱান শিৱক গৰুৰ কেঁচা গাখীৰ অৰ্পণ কৰিব লাগে। কিন্তু শিৱ পূজা কৰোতেঁ এটা কথা ধ্যান ৰাখিব যে ভগৱান শিৱক তামৰ পাত্ৰৰ জল কেতিয়াও অৰ্পণ নকৰিব। কোৱা হয় যে ভগৱান শিৱক পূজা কৰাতোঁ এই উপায়টো ব্যৱহাৰ কৰা ফলত সুস্থ আৰু ভাল স্বাস্থ্যৰ বৰদান পোৱা যায়।( Religious Studies )

– গংগা জলৰ দ্বাৰা পূৰ্ণ হ’ব মনোকামনা।

ভগৱান শিৱক পূজা কৰোতেঁ গংগাৰ বিশেষ মহত্ব আছে । ভগৱান শিৱয়ে গংগা দেৱীক নিজৰ জঁটাত আশ্ৰয় দিছিল । মান্যতা অনুসৰি সোমবাৰে শিৱক গংগা জল অৰ্পণ কৰা ফলত সকলো দুখ কষ্ট দূৰ হৈ যায় আৰু সুখ সমৃদ্ধি লাভ হয়।

– শিৱক পূজা কৰাৰ ফলত দূৰ হ’ব শনিৰ দুখ।

যদি আপোনালোকৰ শনি দুখ লাগি আছে বা শনি কৃপা দৃষ্টি আপোনাৰ ওপৰত পৰিছে । তেতিয়া ভগৱান শিৱৰ এই উপায়টো বহুত ফলপ্ৰসূ ।যদি কাৰোবাৰ শুৱনীত কালসৰ্প যুগ আছে, তেতিয়া এই সকলোবোৰৰ পৰা মুক্তি পাবলৈ বিশেষ ৰূপে ভগৱান শিৱৰ আৰাধনা কৰিব লাগে।মান্যতা অনুসৰি বিধি-বিধানৰ মাজেদি শিৱ পূজা কৰাৰ ফলত অতি সোনকালেই শনি দুখৰ পৰা মুক্তি পাব পাৰি।

-শত্ৰু ওপৰত বিজয় লাভ কৰিবলৈ কৰক এইটো উপায়।

সদায় চিনাকি বা অচিনাকী শত্ৰুৰ পৰা ভয় থাকে। এই ভয় দূৰ কৰিবলৈ শিৱ পূজা বা আৰাধনা বিশেষ ৰূপে কৰিব লাগে। শত্ৰু ওপৰত বিজয় লাভ কৰিবলৈ আৰু ভয় দূৰ কৰিবলৈ শিৱ পূজা কৰোঁতে মহামৃতুঞ্জয়ৰ মন্ত্ৰ হাতত ৰুদ্ৰাক্ষয় মালা লৈ জাপ কৰিব লাগে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!