ভুল দিশত তুলসী ৰোপণ নকৰিব, নহ’লে হ’ব মহাবিপদ!
তুলসী বুলিলেই প্ৰতিজন মানুহৰ মনত এক বিশেষ মনোভাৱ জাগ্ৰত হয়। হিন্দু ধৰ্মত তুলসীৰ বিশেষ গুৰুত্ব আছে। মানুহৰ শৰীৰৰ বাবেও তুলসী অতি প্ৰয়োজনীয়। কাতি অৰ্থাৎ কঙালীবিহুত অসমত প্ৰতিজন অসমীয়াই নিজৰ ঘৰত থকা তুলসী গছ জোপাৰ তলত চাকি জ্বলাই সেৱা কৰে। অৰ্থাৎ আমাৰ ধৰ্মীয় ক্ষেত্ৰখনতো তুলসীৰ বিশেষ গুৰুত্বতা আছে।
সকলোৰে ঘৰতে তুলসী থাকিলেও কিন্তু ঘৰত কেতিয়াও ভুল দিশত বা ভুল পথত তুলসী ৰাখিব নালাগে। ইয়াৰ ফলত জীৱনত বিপদৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। তুলসীৰ পূজা যিমানেই পবিত্ৰ নহওক কিয়, ঘৰৰ সঠিক দিশত আৰু সঠিকভাৱে প্ৰতিষ্ঠা কৰাটো অধিক গুৰুত্বপূৰ্ণ।
হিন্দু ধৰ্মৰ বিশ্বাস যে তুলসী পূজা কৰিলে জীৱনত ভাল ফল পোৱা যায়৷ মা লক্ষ্মী তুলসীত বাস কৰে আৰু তেওঁক পূজা কৰি বিষ্ণু ভগৱান সন্তুষ্ট হয় আৰু ঘৰত ধনৰ বৰ্ষা হয়৷ কিন্তু ঘৰৰ কোন দিশত তুলসী ৰোপণ কৰিলে ভাল ফল পোৱা যায় তথা ইয়াক প্ৰতিষ্ঠা কৰাৰ সঠিক পদ্ধতি কি এই বিষয়ে বহুলোকেই জ্ঞাত নহয়।
এই সন্দৰ্ভত জ্যোতিষী হেমন্ত বৰুৱাই কয় যে, তুলসী গছ বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰেহে ৰোপণ কৰিব লাগে৷ কাৰণ এই দিনটো ভগৱান বিষ্ণুৰ। এনে পৰিস্থিতিত বৃহস্পতিবাৰে যদি মানুহে নিজৰ ঘৰত তুলসী গছ ৰোপণ কৰে তেন্তে ভগৱান বিষ্ণুৰ দ্বাৰা ব্যক্তিজনে বহুত আশীৰ্বাদ লাভ কৰিব৷
আনহাতে শুকুৰবাৰ দেৱী লক্ষ্মীৰ দিন৷ এনে পৰিস্থিতিত তুলসীক লক্ষ্মী দেৱীৰ ৰূপ বুলি ধৰা হয়৷ এই দিনটোত তুলসী গছ ৰোপণ কৰিলে মানুহৰৰ ঘৰত সুখ, ধন-সম্পত্তি আৰু সমৃদ্ধিৰ বৰষুণ হ’য়৷ শনিবাৰে তুলসী গছ ৰোপণ কৰিলে দীৰ্ঘদিন ধৰি চলি থকা অসুবিধাবোৰ দূৰ হৈ যায় বুলি বিশ্বাস কৰা হয়৷
বিশেষকৈ তুলসী গছ মানুহৰ ঘৰৰ উত্তৰ বা পূব দিশত ৰোপণ কৰিব লাগে। উত্তৰ আৰু পূব দিশত তুলসী গছ ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি এপ্ৰিলৰ পৰা জুন মাহলৈকে তুলসী গছ ৰোপণ কৰিব পাৰি৷ এই মাহত তুলসী গছৰ বৃদ্ধি ভাল হয়৷