যাত্ৰীৰ বেগত নাই কাপোৰ, উদ্ধাৰ কৰিলে অজগৰসহ অৰ্ধশতাধিক বন্যপ্ৰাণী

যাত্ৰীৰ বেগত নাই কাপোৰ, উদ্ধাৰ কৰিলে অজগৰসহ অৰ্ধশতাধিক বন্যপ্ৰাণী

সাধাৰণতে কোনো যাত্ৰীয়ে গন্তব্যস্থললৈ যাব লগা হ’লে তেওঁৰ বেগত কাপোৰ-কানিকে ধৰি প্ৰয়োজনীয় আচবাব লৈ যোৱাটো স্বাভাৱিক। কিন্তু এগৰাকী যাত্ৰীৰ বেগৰ পৰা সাপ,বান্দৰ তথা অন্য বন্যপ্ৰাণী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাংগালুৰু বিমান বন্দৰত সংঘটিত বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহৰ ঘটনাই প্ৰত্যক্ষদৰ্শীক হতচকিত কৰি তুলিছে। জানিব পৰামতে শুল্ক বিভাগৰ এটি দলে বিমান বন্দৰত এক অভিযান চলায়।

এই অভিযানত দলটোৱে এয়াৰ এছিয়া এফ ডি ১৩৭ নং বিমানযোগে অহা এজন যাত্ৰীৰ বেগৰ পৰা অজগৰ,ফেঁটী সাপকে ধৰি অৰ্ধশতাধিক সাপ উদ্ধাৰ কৰে। ইয়াৰোপৰি ধৃত লোকজনৰ পৰা শুল্ক বিভাগে মৃত অৱস্থাত থকা বান্দৰকে ধৰি মুঠ ৭৮ টা বন্যপ্ৰাণী উদ্ধাৰ কৰে।

ইতিমধ্যে ধৃত লোকজনৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ ৰ অধীনত বিভাগে এক গোচৰ ৰুজু কৰিছে। ইফালে জীৱিত অৱস্থাত থকা বন্যপ্ৰাণীকেইটাক শুল্ক বিভাগে বিভাগে সুৰক্ষিত স্থান ৰখাৰ ব্যৱস্থা কৰিছে।

আনহাতে এই সমগ্ৰ ঘটনাৰ লগত আৰু কোন জড়িত হৈ আছে তথা অধিক তথ্যৰ বাবে বিভাগে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

GTM Desk