23.5 C
Assam
Thursday, May 26, 2022

Featured News

শ্ৰীনগৰত সীতাৰাম য়েচুৰী-ডি ৰাজাক আটকৰ প্ৰতিবাদত গুৱাহাটীত বাওঁ‌পন্থীৰ সমদল ।

Top Newsশ্ৰীনগৰত সীতাৰাম য়েচুৰী-ডি ৰাজাক আটকৰ প্ৰতিবাদত গুৱাহাটীত বাওঁ‌পন্থীৰ সমদল ।

ৰাজ্যখনৰ নিৰ্বাচিত বিধায়ক, চি পি আই (এম) দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইউচুফ তাৰিগামী অসুস্থ ।অসুস্থ অৱস্থাতে তেখেতক গ্ৰেপ্তাৰ কৰি ৰাখিছে। তেখেতক দেখা কৰিবলৈ আজি ৯ আগষ্ট তাৰিখে কাশ্মীৰলৈ ৰাওনা হৈছিল চি পি আই(এম) ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী। একেই উদ্দেশ্যে কাশ্মীৰলৈ গৈছিল চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজ। কাশ্মীৰৰ ৰাজ্যপালক আগতীয়াকৈ চিঠি দি ৰাওনা হৈছিল য়েচুৰী আৰু ৰাজা, কিন্তু শ্ৰীনগৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে দুয়োজনকে আটক কৰে। মোদী চৰকাৰৰ এই অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী কাৰ্যক ধিক্কাৰ জনাই গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে তিনিটাকৈ বাওঁ‌পন্থী দলে। চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী আৰু চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজাক গ্ৰেপ্তাৰৰ প্ৰতিবাদ আৰু চি পি আই (এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য তথা বিধায়ক ইউচুফ তাৰিগামীক মুক্তি দিয়াৰ দাবীত আজি গুৱাহাটীত উত্তাল প্ৰতিবাদ কৰে তিনিটাকৈ বাওঁ‌পন্থী দলে। চি পি আই (এম), চি পি আই আৰু চি পি আই (এম-এল) ৰ যৌথ উদ্যোগত মোদী চৰকাৰৰ অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী কৰ্ম-কাণ্ডৰ তীব্ৰ প্ৰতিবাদ জনাই গুৱহাটীৰ ৰাজপথত এক সমদল উলিওৱা হয়। তিনিওটা দলৰ আহ্বনত গুৱাহাটীৰ ৰটাৰীৰ কাষত দুই শতাধিক লোক সমবেত হয়। সমদলৰ আৰম্ভণিতে চমু বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ বাওঁ‌পন্থী নেতা হেমেন দাস, চি পি আইৰ বাবুল চৌধুৰী আৰু চি পি আই (এম-এল) ৰ নেতা পংকজ দাসে। চি পি আই (এম) ৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্যই আঁ‌ত ধৰা চমু সভাত হেমেন দাসে কয় যে পূৰ্বৰ জৰুৰী অৱস্থাতকৈ পৰিস্থিতি ভয়াবহ হৈ পৰিছে। জৰুৰী অৱস্থাৰ প্ৰত্যক্ষ অভিজ্ঞতা ব্যক্ত কৰি তেওঁ কয় যে জৰুৰী অৱস্থাৰ সময়ত টেলিফোন বন্ধ কৰা নাছিল , কিন্তু মোদী চৰকাৰে মোবাইল সেৱা, টেলিফোন, ইন্টাৰনেট,ৰেডিও, টিভি বন্ধ কৰি চৰম স্বৈৰাচাৰী শাসনৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁলোকে দেশখনক আন্ধাৰৰ দিশলৈ নিব বিচাৰিছে। আমি বাওঁ‌বন্থীসকলে দেশখনক পোহৰ ফালে অনাৰ বাবে সংগ্ৰামত নামিছো। এই সংগ্ৰাম শক্তিশালী কৰিব লাগিব। বাবুল চৌধুৰী আৰু পংকজ দাসে মোদী চৰকাৰৰ অগণতান্ত্ৰিক কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰে। কাৰ্যসূচীত জ্যেষ্ঠ চি পি আই (এম)নেতা তথা প্ৰাক্তন সাংসদ উদ্ধব বৰ্মন, কেন্দ্ৰীয় কমিটিৰ সদস্য সুপ্ৰকাশ তালুকদাৰ, ৰাজ্যিক নেতা টিকেন দাস, ইচফাকুৰ ৰহমান, অজিত দাস, শতঞ্জীৱ দাস, চি পি আই নেতা চক্ৰেশ্বৰ কলিতা, জয়ন্ত গগৈ আদি ব‍্যক্তিসকল উপস্থিত থাকে।
ইয়াৰ পিছতে গুৱাহাটী ক্লাৱ ৰটাৰীৰ পৰা দীঘলীপুখুৰী পাৰলৈ এক প্ৰতিবাদী সমদল উলিওৱা হয়। সংবিধান ভংগ কৰা নচলিব, বিৰোধী দলৰ নেতাক গ্ৰেপ্তাৰ কৰা স্বৈৰাচাৰী নীতি বাতিল কৰক, জম্মু-কাশ্মীৰ ৰাজ্য ভংগৰ সিদ্ধান্ত বাতিল কৰক আদি শ্লোগান দি প্ৰতিবাদকাৰীসকলে ৰাজপথ উত্তাল কৰি তোলে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: