সৰ্বভাৰতীয় JEE Mains পৰীক্ষাত উজলিল বৰপেটাৰ বহৰীৰ মধুস্মিতা তালুকদাৰ
সৰ্বভাৰতীয় JEE Mains পৰীক্ষাত ৯৯.৯৮ শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ দেশৰে ছাত্ৰীসকলৰ ভিতৰত তৃতীয় শীৰ্ষ স্থান দখল কৰিছে বৰপেটাৰ বহৰীৰ মেধাৱী ছাত্ৰী মধুস্মিতা তালুকদৰে। শিক্ষার্থীগৰাকীয়ে JEE Mains পৰীক্ষাত মুঠ ৩০০ নম্বৰৰ ভিতৰত ২৯০ নম্বৰ লাভ কৰি সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিছে। কৰ্মসূত্ৰে মুম্বাইত বাস কৰি থকা মেধাৱী ছাত্ৰী মধুস্মিতাৰ পিতৃ ডঃ প্ৰশান্ত তালুকদাৰ আৰু মাতৃ জয়শ্ৰী দাসগুপ্তা তালুকদাৰ ৷ বহৰীৰ ডঃ প্ৰশান্ত তালুকদাৰৰ কন্যা মধুস্মিতাই অধ্যয়নৰ লগতে নৃত্য, সংগীত আৰু চিত্ৰকলাৰ সৈতেও জড়িত হৈ আহিছে ৷
JEE Mains পৰীক্ষাত সমগ্ৰ দেশৰ ভিতৰতে উজলি উঠিবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত কম্পিউটাৰ বিজ্ঞান বিষয়ত অধ্যয়ন কৰাৰ পিছত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা MBA আৰু PhD কৰাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে মধুস্মিতাৰ পিতৃয়ে। মধুস্মিতাৰ পিতৃ ডঃ প্ৰশান্ত তালুকদাৰে বহৰী হাইস্কুলৰ পৰা ১৯৮৬ চনত সমগ্ৰ ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ একেদৰে মধুস্মিতা তালুকদাৰেও দশম শ্ৰেণীৰ শেষান্ত পৰীক্ষাত সমগ্ৰ দেশৰ ভিতৰতে ৮ম স্থান দখল কৰিছিল। সৰ্বভাৰতীয় ICSC বোৰ্ডৰ অধীনত হোৱা সৰ্বভাৰতীয় দশম শ্ৰেণীৰ পৰীক্ষাত ৯৮.৪ শতাংশ নম্বৰেৰে দেশৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীয়ে JEE Mains পৰীক্ষাত লাভ কৰা সফলতাক লৈ অতিকে উৎসাহী হৈ পৰিছে।
উল্লেখ্য যে মধুস্মিতাৰ পিতৃ ডঃ প্ৰশান্ত কুমাৰ তালুকদাৰে কটনৰ পৰা উচ্চতৰ মাধ্যমিক আৰু NITৰ পৰা ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম আৰু ইউৰোপীয়ান আন্তৰ্জাতিক বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰি আই বি এম গ্লোবেল চেক্টৰৰ সৈতে জড়িত হৈ পৰে । মধুস্মিতা তালুকদাৰৰ এই সফলতাতক লৈ বহৰীবাসী ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে ছাত্ৰীগৰাকীৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে ৷