30 C
Assam
Monday, May 29, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

২০২১ত ক্ষমতালৈ আহিলে কংগ্ৰেছে কৰিব এই পাঁচটা কাম

Assamese News২০২১ত ক্ষমতালৈ আহিলে কংগ্ৰেছে কৰিব এই পাঁচটা কাম

২০২১ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। নিৰ্বাচনৰ বাবে এতিয়া পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলাইছে ্অসম প্ৰদেশ কংগ্ৰেছে। তাৰ মাজতে নতুন বছৰৰ প্ৰথম দিনটোত সংবাদমেল সম্বোধন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

২০২১ত কংগ্ৰেছ দল ক্ষমতালৈ আহিলে প্ৰথমেই ৰাজ্যৰ পাঁচটা প্ৰধান সমস্যা সমাধানৰ বাবে আগবাঢ়িব কংগ্ৰেছ দল। ইতিমধ্যে বহুকেইগৰাকী বিশিষ্ট অৰ্থনীতিবিদৰ পৰামৰ্শ অনুসৰি এই দিশত প্লেন প্ৰস্তুত কৰিছে দলটোৱে।

    • ১২০ ইউনিটলৈকে বিনামূলীয়া কৰিব বিদ্যুত্‍। ইয়াৰ ফলত ৰিপুণ বৰাৰ মতে, মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালে পাব সকাহ।
    • ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ নূন্যতম এটাকৈ চাকৰি। বৰ্তমান নিবনুৱা সমস্য়াই জুৰুলা কৰিছে ৰাজ্যখনক। গতিকে কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ নূন্যতম এটাকৈ ব্যক্তিগতই হওক বা চৰকাৰী চাকৰি প্ৰদান কৰিব। ৰিপুণ বৰাৰ মতে, ৰাজ্যত বৰ্তমান খালী হৈ আছে প্ৰায় ১ লাখ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ।
    • কংগ্ৰেছ  চৰকাৰ ক্ষমতালৈ আহিলে মাফ কৰিব কৃষি ঋণ। ইতিমধ্যে কংগ্ৰেছ শাসিত ৰাজ্যত কৃষি ঋণ মাফ কৰি দিয়া হৈছে।
    • ২০২১ত কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে মাইক্ৰ ফাইনেঞ্চৰ লোন মাফ কৰা হ’ব।
  • দৰিদ্ৰতা দূৰীকৰণৰ বাবে ন্যায় আঁচনিৰ প্ৰৱৰ্তন। অসমত কংগ্ৰেছ চৰকাৰ আহিলে ৰূপায়ণ কৰা হ’ব ন্যায় আঁচনি। এই আঁচনিৰ অধীনত মাহে ৭,৫০০ টকাকৈ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকলৈ বেংক একাউণ্ট যোগে প্ৰদান কৰা হ’ব। পৰিয়াল বিপিএলৰ পৰা এপিএললৈ উন্নীত নোহোৱা পৰ্যন্ত এই ধনৰাশি পাই থাকিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!