Advertisement

১১ মে’ৰ পৰা HSLC আৰু ১২ মে’ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, টুইটাৰযোগে জনালে শিক্ষামন্ত্ৰীয়ে

১১ মে’ৰ পৰা HSLC আৰু ১২ মে’ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, টুইটাৰযোগে জনালে শিক্ষামন্ত্ৰীয়ে

অৱশেষত চূড়ান্ত হ’ল তাৰিখ।  অহা ১১ মে’ৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। সেইদৰে ১২ মে’ৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ৭ জুলাই আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিব ৩০ জুলাইত। টুইটাৰযোগে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Shahnawaz Hamza