Advertisement

সমগ্ৰ দেশতে বিনামূলীয়া হ’ব কোৰোণাৰ ভেকচিন, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ স্পষ্টীকৰণ

সমগ্ৰ দেশতে বিনামূলীয়া হ’ব কোৰোণাৰ ভেকচিন, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ স্পষ্টীকৰণ

সমগ্ৰ দেশতে প্ৰতিষেধক প্রদানৰ পৰীক্ষামূলক কুচকাৱাজ আৰম্ভ হোৱাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ হৰ্ষবৰ্ধনে ভেকচিন সমগ্ৰ দেশতে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল। দিল্লীৰ এখন চিকিৎসালয়ত ‘Covid-19’ ভেকচিনৰ ড্ৰাই ৰান পৰিদৰ্শন কৰি সাংবাদিকৰ প্রশ্নৰ উত্তৰত তেওঁ এই কথা সদৰী কৰিছিল।

কিন্তু ঘোষণাৰ কিছু সময়ৰ পাছতে তেওঁ টুইটাৰ যোগে এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰে। তেওঁ কয় – প্ৰথম পৰ্যায়ত সমগ্ৰ দেশতে বিনামূলীয়াকৈ ১ কোটি স্বাস্থ্যকৰ্মী আৰু ২ কোটি ‘Frontline Worker’ক Covid-19 প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। আনহাতে অন্য ২৭ কোটি হিতাধিকাৰীক অগ্ৰাধিকাৰৰ ভিত্তিত কেনেদৰে অহা জুলাইৰ ভিতৰত প্ৰতিষেধক প্ৰদান কৰিব পৰা যায়; তাৰ পৰিকল্পনা কৰি থকা হৈছে।

Shahnawaz Hamza