হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলী, সংকটজনক অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি

হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলী, সংকটজনক অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি

অসুস্থ সৌৰভ গাংগুলী। ভৰ্তি কৰোৱা হ’ল পশ্চিমবংগৰ উডছলেণ্ড হাস্পতালত। খবৰ অনুসৰি, ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ সভাপতি সৌৰভ গাংগুলীক জৰুৰী বিভাগত ভৰ্তি কৰোৱা
হৈছে।

জনা গৈছে যে, শনিবাৰে পুৱা হঠাত্‍ নিজৰ ঘৰতে কিছু অসুস্থ অনুভৱ কৰিছিল গাংগুলীয়ে। জিম কৰি থকাৰ সময়ত হঠাত্‍ পৰি যায় প্ৰাক্তন ক্ৰিকেটাৰজন। লগে লগে চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয় সৌৰভ গাংগুলীক।

হাস্পতালৰ ফালৰ পৰা জনোৱা মতে, বুকুত বিষ অনুভৱ কৰিছিল গাংগুলীয়ে। প্ৰাক্তন অধিনায়কজন হৃদৰোগত আক্ৰান্ত বুলি জনাইছে চিকিত্‍সকে। যদিও বৰ্তমান চিকিত্‍সা চলি আছে, তথাপিও গাংগুলী বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে।

Shahnawaz Hamza

Related