Advertisement

আশাৰ ৰেঙণি! কামৰূপ মহানগৰ জিলাৰ ৭৫ গৰাকী ৰোগীক প্ৰদান কৰা হ’ল কোৰোণাৰ ভেকচিন

আশাৰ ৰেঙণি! কামৰূপ মহানগৰ জিলাৰ ৭৫ গৰাকী ৰোগীক প্ৰদান কৰা হ’ল কোৰোণাৰ ভেকচিন

নতুন বছৰত ভাল খবৰ ৷ আৰম্ভ হৈছে কোভিড ভেকচিন প্ৰদান ৷ কামৰূপ মহানগৰ জিলাত কোৰোণা ভেকচিন প্ৰদানৰ বাবে প্ৰাৰম্ভিক অৱস্থাত তিনিটা কেন্দ্ৰ বাচনি কৰা হৈছে ৷ সেইকেইটা হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, সোনাপুৰ স্বাস্থ্য কেন্দ্ৰ আৰু খানাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷

এই তিনিওটা স্বাস্থ্য কেন্দ্ৰত শনিবাৰৰ পৰা কোৰোণাৰ ভেকচিন পৰীক্ষামূলক ভাবে প্ৰদান কৰা হৈছে। শনিবাৰে পুৱা ৯ বজাত পঞ্জীয়নকৃত লোকক প্ৰদান হয় ভেকচিন ৷ এটা কেন্দ্ৰত ২৫ গৰাকীকৈ লোকক প্ৰদান কৰা হৈছে ভেকচিন।

পৰীক্ষামূলক ভাৱে সমগ্ৰ দেশত আৰম্ভ কৰা এই প্ৰক্ৰিয়া ৷ কিদৰে ভেকচিন প্ৰদান কৰা হ’ব, বা প্ৰদান কৰা সময়ত ল’বলগীয়া সাৱধানতা আদি তন্ন তন্নকৈ পৰীক্ষা কৰা হ’ব। ইতিমধ্যে এই দিশত অত্যন্ত সাৱধানেৰে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।

Shahnawaz Hamza

Related