fbpx
September 27, 2020

৩০ ছেপ্টেম্বৰত ৰাজ্যজুৰি বাগিচা বন্ধ ঘোষণা “আছা” ৰ

ডিব্ৰুগড়, :  ৰাজ্যখনৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই পূৰ্বনিৰ্ধাৰিত কায্যসূচী অনুসৰি ৰাজ্যজুৰি অহা ৩০ চেপ্তেম্বৰত জইণ্ট একচন কমিটি ফৰ প্লেনটাৰ ওৱকাৰ্চ (জাকট )ৰ সহযোগ ৰাজ্যজুৰি চাহ বাগিচা বাগিচা বন্ধ ঘোষণা কৰিছে ৷ আজি এক প্ৰেছ বিবৃতি যোগে আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে জনাইছে ৷
বি জে পি নেতৃত্বাধীন মিত্ৰজোট চৰকাৰখনে ২০১৬ নিৰ্বাচন আগত শাসনত আহিলেই ৰাজ্যখনৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১’৩৩ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু চাৰি বছৰতকৈ অধিক কাল শাসন কৰাৰ পিছতো মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত কোনো কায্যকৰি ব্যৱস্থা নকৰিলে ৷ চাহ শ্ৰমিকে বিচাৰি অহা মজুৰি বৃদ্ধি কৰিব নোৱাৰা চৰকাৰখনে মাত্ৰ ভোট লাভৰ বাবে আৰু ২০২১ ৰ নিৰ্বাচনী বৈতৰণী পাৰ হবৰ বাবে শ্ৰমিক সকলক নগদ ধন চৰ্দাৰ সকলক এনড্ৰইড মোবাইল বিনামূলীয়া চাউল প্ৰদান কৰিছে ৷
ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰত সৱল ভূমিকা পালন কৰা আদিবাসী চাহ শ্ৰমিক সকল বৰ্তমানো মাত্ৰ ১৬৭ টকা দৈনিক মজুৰিৰে কৰ্ম কৰিব লগীয়া হৈছে ৷ ২০১৭ চনৰ ডিচেম্বৰত অসম চাহ মজদুৰ সংঘ (ACMS)আৰু কনচালেটিভ কমিটি ফৰ প্লেনটাৰ্চ এচোচেচন CCPA ৰ উমৈহতীয়া মজুৰি চুক্তি সমাপ্ত হল যদিও আজিকোপতি নতুনকৈ মজুৰি চুক্তি সমাপন নহল ৷ যোৱা ৪ চেপ্তেম্বৰত চৰকাৰে গঠন কৰি দিয়া সমিতিয়ে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিত চাহ শ্ৰমিকৰ মজুৰি মাত্ৰ ২৮ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পুণৰ বাৰ চাহ শ্ৰমিক ৰাইজক প্ৰতাৰণা কৰিলে ৷
আছাই চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈকে বৃদ্ধি নোহোৱালৈকে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব ৷বাগিচা বন্ধ পিছতো যদি চৰকাৰে মজুৰি বিষয়টো গুৰুত্ব প্ৰদান নকৰে তেন্তে অহা অক্টোবৰ মাহত ৰাজ্যজুৰি সাংসদ ,মন্ত্ৰী আৰু বিধায়কৰ বাসগৃহ সমূহ ঘেৰাও কৰা হব বুলি আছাৰ কেন্দ্ৰীয় সভাপতি ষ্টিফেন লাক্ৰা আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে সকীয়াই দিছে ৷
Source: Dainik Janambhumi
error: Content is protected !!
%d bloggers like this: