আৰক্ষীৰ উপ পৰিদৰ্শক চাকৰিৰ প্ৰশ্ন কাকত কেলেংকাৰীৰ আন এজন অভিযুক্ত জয়দেৱ বৰুৱাক গ্ৰেপ্তাৰ

1 min read

তিনিচুকীয়া: ২৬ চেপ্টেম্বৰঃ অসম আৰক্ষীৰ উপ পৰিদৰ্শক চাকৰিৰ নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীত জড়িত থকাৰ অপৰাধত আজি তিনিচুকীয়াৰ পৰা এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে, গুৱাহাটীৰ পৰা পলাই আহি তিনিচুকীয়াত বাহৰ পাতি থাকোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তি জনৰ নাম জয়দেৱ বৰুৱা।

ব্যক্তিজনক আজি তিনিচুকীয়া নগৰৰ সমীপৰ বৰদলৈ নগৰৰ আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ হয়। জয়দেৱ বৰুৱাৰ ঘৰ গুৱাহাটীৰ চান্দমাৰিত বুলিও জানিব পৰা গৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জয়দীপ বৰুৱাই ২০১২ চনৰ পৰা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত পি কে দত্তৰ মালিকানাধীন গুৱাহাটীৰ ভাৰ্গৱ হোটেলত মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল । গুৱাহাটীত আৰক্ষীৰ অভিযানৰ বেহু ফালি নিজকে বাচিবলৈ গুৱাহাটীৰ পৰা পলায়ন কৰিছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জয়দেৱ বৰুৱাক চি আই ডিক চমজাই দিছে । ধৃত জয়দেৱ বৰুৱাক অনুসন্ধানকাৰী সংস্থাই গুৱাহাটীলৈ লৈ গৈছে । উল্লেখযোগ্য যে, পি কে দত্তৰ মালিকানাধিন ভাৰ্গব হোটেলৰ কোঠাত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে চলা পৰীক্ষাৰ বাবে জয়দেৱ বৰুৱা নামৰ এই মেনেজাৰ জনে লেপটপ, প্ৰিণ্টাৰ, কাগজ আদি ইলেকট্ৰনিক সা সামগ্ৰী যোগান ধৰিছিল বুলিও এটা সূত্ৰই সদৰী কৰিছে। তিনিচুকীয়াত গ্ৰেপ্তাৰ কৰা জয়দেৱ বৰুৱাক সোধা পোছা কৰিলে অধিক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ অহাৰ সম্ভৱনা আছে।

Source: Dainik Janambhumi

You May Also Like

More From Author