ৰঙালী বিহুৰ উৰুকা উপলক্ষে সমূহীয়া মৎস্য চিকাৰ ১৪/১৫ খন গাঁৱৰ ৰাইজৰ l


ৰঙালী বিহুৰ উৰুকা উপলক্ষে নগাঁৱৰ চকলাঘাটৰ দিঘলী বিলত সমূহীয়া মৎস্য চিকাৰ ১৪/১৫ খন গাঁৱৰ ৰাইজৰ । বিলৰ পানী আৰু পাৰত জনতাৰ পাৰভঙা উছাহ । নগাঁও জিলাৰ হাতীচোং মৌজাৰ সহস্ৰাধিক ৰাইজে জাল , পল’ , জুলুকি লৈ নামি পৰিল মৎস্য চিকাৰত । যি নান্দনিক দৃশ্য উপভোগ কৰিবলৈ বিলৰ পাৰতো উবুৰি খাই পৰিল শ শ লোক । উল্লেখ্য যে , প্ৰতিবছৰেই ৰঙালী বিহুৰ উৰুকাৰ দিনটোত এনেদৰে সমূহীয়াকৈ মৎস্য চিকাৰ কৰা হয় ঐতিহাসিক দিঘলী বিলত ।কোনোবাই পাইছে যদিও কোনোৱে পোৱা নাই মাছ।

Adil Shah Alam report, Nagaon.

Leave a Reply

Your e-mail address will not be published. Required fields are marked *