ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ আঁচনিখন আজিৰ পৰা কাৰ্যকৰী নহয় ৷

ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ আঁচনিখন আজিৰ পৰা কাৰ্যকৰী নহয় ৷

মহিলা সবলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’ আজিৰে পৰা বন্ধ হৈছে ৷ ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে আঁচনিখন প্ৰৱৰ্তন কৰিছিল ৷ এই আঁ‌চনিৰ জৰিয়তে বিবাহিত দম্পতীলৈ চৰকাৰে সোণ ক্ৰয় কৰিবলৈ ৪০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছিল। মাত্ৰ কেইটামান বৰ্ছৰ ভিতৰতে বন্ধ হ’ল এই আঁচনিখন।

২০২০ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই সময়ৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু ৰাজহ মন্ত্ৰী যোগেন মোহনৰ উপস্থিতিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আঁচনিখনৰ শুভাৰম্ভ কৰিছিল।
অৰুন্ধতী স্বৰ্ণ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (পঞ্জীয়ন) বিভাগে মুখ্য বিভাগ হিচাপে ভূমিকা প্ৰদান কৰিছিল ৷ ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ আঁচনিখন ১ এপ্ৰিল, শনিবাৰৰ পৰা কাৰ্যকৰী নহয় ৷ বিগত ২৭ ফেব্ৰুৱাৰীত চৰকাৰী এক অধিসূচনা জৰিয়তে এই আঁচনিখন বন্ধ কৰাৰ ঘোষণা কৰিছিল।

GTM Desk

Related