অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ গাড়ীতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল দীপলিনা ডেকা

অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ গাড়ীতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল দীপলিনা ডেকা

যোৱানিশা ধুমুহাৰ বাবে বৰমাত কণ্ঠশিল্পী দীপলিনা ডেকাৰ (Deeplina Deka) সংগীতানুষ্ঠান বাতিল কৰিবলগীয়া হয়। নিশা প্ৰচণ্ড ধুমুহাই কোবাই গ’ল নলবাৰী লগতে বাক্সাৰ বৃহত্তৰ অঞ্চল। নলবাৰী–বাক্সা সীমান্তৱৰ্তী বৰমাত ৬০সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষৰ সাংস্কৃতিক সন্ধিয়া আমন্ত্ৰিত শিল্পী আছিল দীপলিনা ডেকা। অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে অহা প্ৰচণ্ড ধুমুহাত তচনচ হৈ পৰে বিহুমঞ্চ।

অনুষ্ঠানত কণ্ঠশিল্পীগৰাকী উপস্থিত হৈছিল যদিও নিজ বাহনতে আবদ্ধ হৈ থাকিবলগীয়া হয় প্ৰতিকূল বতৰৰ বাবে। প্ৰচণ্ড ধুমুহাৰ পিছতেই বাতিল কৰা হ’ল হীৰক জয়ন্তী বৰ্ষৰ সংগীতানুষ্ঠান। ধুমুহাত ভাগি পৰে মঞ্চ–ৰভা।

বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ অহা ৰাইজো আবদ্ধ হৈ পৰিল বতাহ–ধুমুহাত। বিভিন্ন ঠাইত গছ–গছনি উভালি বিস্তৰ ক্ষতিসাধন হৈছে বৃহত্তৰ অঞ্চলটোত। ৬০সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ হীৰক জয়ন্তী বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ বাবে দূৰ–দূৰণিৰ পৰা আহিছিল দীপলিনা ডেকাৰ অনুৰাগী। কিন্তু ৰুষ্ট প্ৰকৃতিৰ বাবে অনুষ্ঠান উপভোগৰ পৰা বঞ্চিত হ’বলগীয়া হয় ৰাইজ।

GTM Desk

Related