অসম-নগালেণ্ড সীমান্তত যুযুধান স্থিতিত দুই ৰাজ্যৰ আৰক্ষী, শীৰ্ষ মহলৰ মাজত হোৱা আলোচনা ব্যৰ্থ

মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা বৰ্তমানেও অব্যাহত আছে। অসমৰ প্ৰশাসনে নগালেণ্ডৰ অবৈধ নিৰ্মান উচ্ছেদ কৰা এদিনৰ পাছতে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পূৰ্বৰ ঠাইতে নগা আৰক্ষীয়ে যুদ্ধং দেহি মনোভাৱেৰে পুনৰ অস্থায়ী শিৱিৰ স্থাপন কৰা পাছত সীমান্তত বৃদ্ধি পাইছিল উত্তেজনা। নগাই শূন্যলৈ গুলীবৰ্ষন কৰি অসমৰ মাটিত বিৰত্ব প্ৰদৰ্শনৰ পিচতো নিৰ্বিকাৰ অসমৰ প্ৰশাসন।

আনহাতে বৃহস্পতি বাৰেও নগালেণ্ড প্ৰশাসনে অসমৰ ভূমিৰ পৰা আৰক্ষী শিৱিৰ উঠাই নিনিয়াত যুযুধান স্থিতিত আছে দুই ৰাজ্যৰ আৰক্ষী।    অসমৰ ভূমিৰ পৰা আঁতৰি যোৱা নাই নগালেণ্ড আৰক্ষী।নগালেণ্ডৰ বেদখলৰ ৰোধৰ বাবে যোৰহাট জিলা আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰ নেতৃত্বত মৰিয়নি সীমান্তত বাহৰ পাতিছে  অসম আৰক্ষীৰ এটা বৃহৎ দলে।কিন্ত ইয়াৰ পিছতো পিছ হুহুকি যোৱা নাই নগা আৰক্ষী ।

নগালেণ্ড প্ৰশাসনক অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত থকা নগা আৰক্ষীৰ শিৱিৰ উঠাই নিবলৈ অসমৰ প্ৰশাসনে নিৰ্দেশ দিয়া পাছত নগালেণ্ড প্ৰশাসনে বিচৰা এদিনৰ সময় সীমা উকলি গ’ল যদিও নাঁতৰিল নগা আৰক্ষীৰ শিৱিৰ। যোৰহাট জিলা আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত বিশাল আৰক্ষী বাহিনী সহ, সীমান্ত দণ্ডাধীশ বিশ্বজিৎ বৰা, মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস, মৰিয়নি বনাঞ্চলিক বন বিষয়া মুকুট ৰাভা উপস্থিত হয় নগালেণ্ডৰ বেদখলস্থলীত। নাগালেণ্ড প্ৰশাসনৰ হৈ মোককচাং জিলাৰ এ ডি চি আৰু এজন সীমান্ত দণ্ডাধীশ উপস্থিত হৈ অসমৰ প্ৰশাসনৰ লগত এক আলোচনাত মিলিত হয়।

কিন্ত নগালেণ্ড প্ৰশাসনে নগা আৰক্ষীৰ শিৱিৰটো অসমৰ ভূমিৰ পৰা অতৰাই নিয়া ক্ষেত্ৰত সন্মতি নজনোৱাত দুই পক্ষৰ আলোচনা ব্যৰ্থ হয়। ইয়াৰ পাছতে অসমৰ প্ৰশাসনেও নগা আৰক্ষী শিৱিৰৰ সমীপতে অসম আৰক্ষীৰ দুটা অস্থায়ী শিৱিৰ নিৰ্মান কৰা লগতে দুই প্লাটুন সশস্ত্ৰ আৰক্ষী নিয়োগ কৰে।ফলত এক যুযুধান স্থিতিত অৱৰ্তীণ হয় দুই ৰাজ্যৰ আৰক্ষী।

আৰক্ষী অধীক্ষক গৰাকীয়ে নগালেণ্ডে শিবিৰ উঠাই নিনিয়া পৰ্যন্ত অসমৰ আৰক্ষীও উক্ত অঞ্চলত শিৱিৰ পাতি অৱস্থান গ্ৰহণ কৰি থাকিব বুলি প্ৰকাশ কৰে।  ইফালে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বুধবাৰৰ নিশা সীমান্তত নগাৰ বিৰুদ্ধে প্ৰতিবাদত নামে।প্ৰয়োজনত যাঠি জোং লৈ নিজে নগা খেদাত নমাৰ হুংকাৰ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

ইপিনে নগা আৰক্ষীৰ অসমৰ মাটিত বাহৰ পতাৰ পিছত ভিতৰি চেপা উত্তেজনাই বিৰাজ কৰি সীমান্তত।নগা আৰক্ষীক ভেটা দিবলৈ অসম আৰক্ষী সক্ষম নহলে অধিক উত্তপ্ত হব পাৰে মৰিয়নিৰ সীমান্ত।

Source: AsomiyaPratidin

You May Also Like

More From Author