৩০ ডিচেম্বৰৰ পৰা চানমাৰীত গুৱাহাটী গ্ৰন্থমেলা

0 min read

৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থ মেলা । ১০ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব লগা এই গ্ৰন্থমেলা অনুষ্ঠিত হ’ব চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত । কোভিড ১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সু পৰিকল্পিত ভাবে এই গ্ৰন্থ মেলা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে অসম প্ৰকাশন পৰিষদে ।

১৫ ডিচেম্বৰৰ পৰা চানমাৰি ফিল্ডত গ্ৰন্থমেলা মণ্ডৱ নিৰ্মান কৰা হ’ব । গ্ৰন্থ মেলাত অংশ ল’ব বিচৰা বিক্ৰেতা প্ৰকাশক সকলে ১ ডিচেম্বৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব আবেদন পত্ৰ । অসম প্ৰকাশন পৰিষদৰ সচিব কমল কলিতাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব মতে ১০ ডিচেম্বৰৰ ভিতৰত প্ৰকাশক তথা বিক্ৰেতা সকলে প্ৰপত্ৰ পূৰন কৰি জমা দিব লাগিব । অসম প্ৰকাশন পৰিষদৰ ৱেৱচাইটত উপলব্ধ হ’ব এই প্ৰপত্ৰ ।

কোভিডৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থমেলাত অংশ গ্ৰহন কৰিব লগা প্ৰকাসক তথা বিক্ৰেতা সকলক বিপনী সমূহ আৱন্টনৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে বুলিও সদৰি কৰিছে । অৱশ্যে এতিয়াও গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ বিবাগীয় অনুমতি লাভ কৰা নাই । এই সম্পৰ্কত অব্যাহত আছে যোগাযোগ ।

You May Also Like

More From Author