আজি উৰুকা,ৰাজ্যৰ বজাৰত গ্ৰাহক ভিৰ

1 min read

বুধবাৰে উৰুকা । উৰুকাত এসাজ লগে ভাগে খোৱাৰ বাবে বজাৰত ব্যস্ত ৰাজ্যৰ জনসাধৰণ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ সমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে । ইফালে মহানগৰীৰ উজান বজাৰ,ছয়মাইল,গনেশগুৰিৰ লগতে বিভিন্ন বজাৰ সমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে ।

উজান বজাৰত মাছ কিনিবলৈ ওলাই আহিছে গ্ৰাহক । যাৰ ফলত ৰাতিপুৱাৰে পৰা উজান বজাৰত গ্ৰাহক ভিৰ পৰিলক্ষিত হৈছে । ইফালে ভোগালীক আদৰাৰ বাবে সাজু হৈ উঠিছে অসমবাসী । ৰাজ্যৰ বিভিন্ন স্থানত ভেলাঘৰ,মেজি নিৰ্মানৰ লগতে হেলিকপ্তাৰ,ৰংঘৰ, দিল্লীৰ যন্তৰ-মন্তৰ নিৰ্মান কৰি উলিয়াইছে স্থানীয় ৰাইজ সকলে ।

 

You May Also Like

More From Author