Advertisement

আজি নৱৰাত্ৰিৰ সপ্তম দিন, মা দুৰ্গাৰ সপ্তম ৰূপ ‘কালৰাত্ৰি’ৰ পূজা-আৰাধনা

আজি নৱৰাত্ৰিৰ সপ্তম দিন, মা দুৰ্গাৰ সপ্তম ৰূপ ‘কালৰাত্ৰি’ৰ পূজা-আৰাধনা

নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়। নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয়, ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়।

মা দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্ৰি’ৰূপে জনাজাত। এখেতৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ নিচিনা সম্পূৰ্ণৰূপে ক’লা। মূৰৰ চুলিবোৰ অবিন্যস্ত। ডিঙিত বিদ্যুতৰ দৰে জিলিকি থাকে মালা ধাৰি। এখেত ত্ৰিনেত্ৰা, তিনিওটা চকু ব্ৰহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া। সেইবোৰৰ পৰা বিদ্যুতৰ নিচিনা উজ্জ্বল ৰশ্মি বিকিৰিত হৈ থাকে।

এখেতৰ নাসিকাৰ উশাহ-নিশাহৰ পৰা ভয়ংকৰ অগ্নি শিখাবোৰ ওলাই থাকে। এখেতৰ বাহন হ’ল গৰ্দভ অৰ্থাৎ গাধ। আই ‘কালৰাত্ৰি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ যদিও তেখেতে সদায় শুভ ফলহে প্ৰদান কৰে। সেয়ে এখেতৰ আন এটা নাম হ’ল ‘শুভংকৰী’। দুৰ্গাপূজাৰ সপ্তম দিনা আই কালৰাত্ৰিৰ উপাসনাৰ বিধান আছে।

 

Source: DY365

Shahnawaz Hamza

Related