মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন ঠাইত পছোৱা বতাহত বিস্তৰ ক্ষয়-ক্ষতি ।

1 min read

যোৱা সোমবাৰে সন্ধিয়াৰ পৰা নিশা লৈকে চলি থকা পছোৱা বতাহ আৰু ডবা -পিতা  বৰষুণৰ ফলত উজনিৰ বিভিন্ন ঠাইৰ লগতে মাৰ্ঘেৰিটা সমষ্টিৰ বহু অঞ্চলত ঘৰ-বাৰী , গছ-গছনি ভাগি পৰা পৰিলক্ষিত হৈছে ।  বিশেষকৈ  পেঙেৰী ব্ৰক্ষ্মাজান অঞ্চলৰ নতুন গাঁৱত পছোৱা বতাহত সৰু-বৰ টিনপান ,  খেৰিঘৰ ভাগি পৰাত জনসাধাৰণৰ  যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে  । স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে কিছু তৎপৰতা প্ৰদৰ্শন কৰিছে যদিও শাসকীয় দলৰ বিধায়ক ভাস্কৰ শৰ্মা কিম্বা দলীয় নেতা-পালিনেতাই উক্ত অঞ্চলসমূহত ঘটনাৰ বুজ লোৱা নাই বুলি স্থানীয় সচেতন যুৱক সুভাষ তামাঙে জানিবলৈ দিয়ে ।  দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া সেইসকল বাসিন্দাই এতিয়া আপোন ঘৰখন পুনৰ সাজিব নে দিন হাজিৰা কৰিবলৈ ওলাই যাব সেইটোহে চিন্তনীয় বিষয় হৈছে ।

You May Also Like

More From Author