আপোনাৰ গাড়ীখনত FASTag লগালেনে? নতুন বছৰৰ পৰা ভৰিব লাগিব দুগুণ মাচুল

আপোনাৰ গাড়ীখনত FASTag লগালেনে? নতুন বছৰৰ পৰা ভৰিব লাগিব দুগুণ মাচুল

২০২১ বৰ্ষলৈ মাজত আৰু কেইটামান দিন বাকী। নতুন বছৰটোত বহু নিয়মৰ সালসলনি কৰা হৈছে। নতুন বছৰটোত গাড়ী লৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱাৰ আগতে ফাষ্টেগ লগোৱাটো বাধ্যতামূলক কৰা হৈছে। ১ জানুৱাৰীৰ পৰা বাধ্যতামূলক কৰা হাছে  FASTag।

১ জানুৱাৰী ২০২১ৰ পৰা সকলো গাড়ীতে ফাষ্টেগ বাধ্যতামূলক কৰা হৈছে। টোল প্লাজাত সুৰক্ষিত তোল টেক্স সংগ্ৰহ আৰু আমনিদায়ক যানজঁটৰ পৰা মুক্তি পোৱাৰ বাবে বাধ্যতামূলক কৰা হৈছে FASTag।
যদি ১ জানুৱাৰীৰ পৰা আপোনাৰ গাড়ীত ফাষ্টেগ নাথাকে তেন্তে টোল গে’টত ভৰিব লাগিব দুগুণ টেক্স। এন এইচ এ আৰ ফালৰ পৰা দিয়া তথ্য অনুসৰি ৩১ ডিচেম্বৰৰ নিশা ১২ বজাৰ পৰা সকলো টোল গে’টৰ পৰা কেছ কাউণ্টাৰ আঁতৰাই দিয়া হ’ব। ফাষ্টেগ নথকা গাড়ীৰ পৰা ডিজিটেল পদ্ধতিৰে মাচুল সংগ্ৰহ কৰা হ’ব।
আপুনি ই–কমাৰ্চ ৱেবছাইট এমেজন, ফ্লিপকাৰ্ট, স্নেপডিল, পেটিএম আদিৰ পৰা ঘৰতে বহি ফাষ্টেগ কিনিব পাৰে। ইয়াৰ উপৰি সকলো টোল প্লাজাৰ পৰাও কিনিব পাৰে ফাষ্টেগ। ফাষ্টেগ সেইসমূহ বেংকৰ পৰাও কিনিব পাৰিব যিসমূহ ৰাষ্ট্ৰীয় ইলেকট্ৰনিক টোল সংগ্ৰহ কাৰ্যসূচীৰ দ্বাৰাা অধিকৃত। বা বেংকৰ পৰা অফলাইনতো ল’ব পাৰিব। ইয়াৰ বাবে ২০০ টকা খৰচ কৰিব লাগিব। ফাষ্টেগ বেংক একাউণ্টৰ সৈতে সংযোগ কৰি আপুনি সহজতে কেছলেছ পদ্ধতিৰে টোল টেক্স দিব পাৰিব।

GTM Desk

Related